sangbad lahar logo

ৰেপাৰ বাদশ্বাহে ৭.২ কোটি ভিউয়াৰ্ছৰ বাবে খৰচ কৰিলে ৭২ লাখ টকা

সংবাদ লহৰ ,ডিজিটেল ডেস্ক , ৯ আগষ্টঃ– যোৱা মাহত মুম্বাই আৰক্ষীয়ে পোহৰলৈ আনে এক ভুৱা ইণ্টাৰনেশ্বনেল ৰেকৰ্ডৰ কথা, য’ত পইচাৰে ফেক ভিউজ, লাইক আৰু ফল’ৱাৰ্ছ অনাৰ কথা পোহৰলৈ আহে৷ এই ঘটনাত ৰেপাৰ বাদশ্বাহ জড়িত থকাৰ খবৰ পোহৰলৈ আহে৷ তেওঁক এই বিষয়ে সোধাপোচা কৰাত স্বীকাৰ কৰে যে ফেক ভিউজৰ বাবদ তেওঁ ৭২ লাখ টকা খৰচ কৰিছিল৷ কেইদিনমানৰ পৰা মুম্বাই পুলিচে ছ’চিয়েল মিডিয়াত ভুৱা ফল’ৱাৰ্ছ আৰু পইচা দি লাইক কিনাৰ বিষয়ে তদন্ত কৰি আছিল৷ মুম্বাই পুলিচৰ ক্ৰাইম ইণ্টেলিজেণ্ট ইউনিটৰ অধিকাৰীয়ে কয় যে ৰেপাৰ বাদশ্বাহে ৭.২ কোটি ভিউয়াৰ্ছ পাবলৈ ৭২ লাখ টকা খৰচ কৰিছিল৷ উল্লেখ্য, ৰেপাৰ বাদশ্বাহে “পাগল হে”ই মুক্তিৰ ২৪ ঘণ্টাত ৭৫ মিলিয়ন ভিউয়াৰ্ছ লাভ কৰা বুলি দাবী কৰিছিল৷ কিন্তু গুগল আৰু ইউটিউবৰ স্বত্বাধিকাৰী কোম্পানী ‘Alphabet’-এ এই কথা নস্যাৎ কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *