sangbad lahar logo

ৰাজস্হানৰ জয়ছালমেৰত ভাৰতীয় সেনাবাহিনীৰ অনুশীলনৰ সময়ত ভুলভাৱে তিনিটা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয় ..

  শুকুৰবাৰে পোখ্ৰাণ ফিল্ড ফায়াৰিং ৰেঞ্জত অনুশীলনৰ সময়ত কাৰিকৰী বিজুতিৰ বাবে তিনিটা পৃষ্ঠৰ পৰা বায়ুলৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছিল বুলি সামৰিক সূত্ৰই প্ৰকাশ কৰিছে । এই ক্ষেপণাস্ত্ৰসমূহৰ ৰেঞ্জ ১০ৰ পৰা ২৫ কিলোমিটাৰৰ ভিতৰত । তিনিওটা ক্ষেপণাস্ত্ৰই ৰেঞ্জৰ বাহিৰলৈ গৈ বিভিন্ন গাঁৱৰ পথাৰত খুন্দা মাৰি তীব্ৰ বিস্ফোৰণৰ সৃষ্টি কৰে । অৱশ্যে এই ঘটনাত কোনো লোক হতাহত বা আহত হোৱাৰ খবৰ পোৱা নাই । নচনাৰৰ ডি এছ পি কৈলাশ বিষ্ণোইয়ে এই কথা নিশ্চিত কৰি আজাছাৰ গাঁৱৰ এখন পথাৰত ক্ষেপণাস্ত্ৰ উদ্ধাৰ হোৱা বুলি জানিবলৈ দিয়ে ।

 আন এখন পথাৰত উদ্ধাৰ হয় দ্বিতীয়টো ক্ষেপণাস্ত্ৰ । ক্ষেপণাস্ত্ৰৰ বিস্ফোৰণৰ ফলত দুখন পথাৰত বৃহৎ গহ্বৰ সৃষ্টি হয় । সেনাৰ সূত্ৰ অনুসৰি ‘ভুলতে’ নিক্ষেপ কৰা দুটা ক্ষেপণাস্ত্ৰৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে যদিও তৃতীয়টো উদ্ধাৰ হোৱা নাই । সম্প্ৰতি আৰক্ষী আৰু সেনাই তৃতীয়টো ক্ষেপণাস্ত্ৰৰ সন্ধানত অভিযান চলাই আছে । প্ৰতিৰক্ষাৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল অমিতাভ শৰ্মাই কয় যে ১০ৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বৰ ক্ষেপণাস্ত্ৰসমূহ সেনা বিশেষজ্ঞই পৰীক্ষা কৰি আছে । কিন্তু সামৰিক অনুশীলনৰ সময়ত হোৱা কাৰিকৰী বিজুতিৰ বাবে ‘আকস্মিকভাৱে’ এই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছিল । ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ হোৱা বুলিও তেওঁ কয় আৰু সেই আধাৰত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয় ।

Related Articles