sangbad lahar logo

৩০-৩১ জুলাইত মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ ফলাফল…..

অৱশেষত জল্পনা-কল্পনাৰ অৱসান ঘটাই পৰীক্ষা অনুষ্ঠিত নকৰাকৈ প্ৰথমবাৰলৈ ফলাফল ঘোষণা কৰিবলৈ সাঁজু হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ । ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ স্বাস্থ্য বিভাগৰ পৰা ছেবা আৰু শিক্ষা সংসদে অনুমতি লাভ নকৰাৰ ফলত পূৰ্বৰ পৰীক্ষাৰ নম্বৰ মূল্যায়নৰ জৰিয়তে অহা ৩০ জুলাইত মেট্ৰিক, হাইমাদ্ৰাছা আৰু ৩১ জুলাইত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি প্ৰকাশ কৰিছে দুয়োটা সংস্থাই ।
উল্লেখ্য যে ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণাৰ সন্দৰ্ভত কয় যে শিক্ষা বিভাগে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শ অনুসৰি মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ্থীসকলৰ ফলাফল বিদ্যালয় মূল্যায়ন সমিতি আৰু জিলাভিত্তিক পুনৰীক্ষণ সমিতিয়ে যুটীয়াভাৱে কৰা মূল্যায়নৰ ভিত্তিত অহা ৩০ জুলাইত দিনৰ ১১ বজাত ফলাফল ঘোষণা কৰিবলৈ সাঁজু হৈছে ছেবা ।
১৪টা ৱেবছাইট আৰু ‘ছেবা ৰিজাল্ট ২০২১’ ম’বাইল এপত এই ফলাফল উপলব্ধ হ’ব বুলি সচিবগৰাকীয়ে সদৰী কৰি ফলাফলক লৈ শিক্ষাৰ্থীৰ অভাৱ-অভিযোগ থাকিলে নিৰাময় কৰিবলৈ প্ৰতিখন জিলাত অতিৰিক্ত উপায়ুক্তক লৈ একোখনকৈ ‘ওজৰ-আপত্তি নিষ্পত্তি’ সমিতি গঠন কৰা হৈছে বুলি কয় ।
উল্লেখ্য যে অহা ৩০ জুলাইত ছেবাই মুঠ ৭,৩০১খন বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৪,২৬,৫৫৩জন আৰু হাইমাদ্ৰাছাৰ ১২,২৭৫জন পৰীক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰিব । উত্তীৰ্ণ শিক্ষাৰ্থীসকলে সংশ্লিষ্ট ৱেবছাইট আৰু এপৰ জৰিয়তে পূৰ্বৰ দৰে ‘ডিজিটেল মাৰ্কশ্বিট’ সংগ্ৰহ কৰি একাদশ শ্ৰেণীত নামভৰ্তি কৰিব পাৰিব আৰু মূল মাৰ্কশ্বিট আৰু প্ৰমাণপত্ৰসমূহ বিতৰণৰ আগেয়ে জাননী জাৰি কৰা হ’ব বুলি ছেবা কৰ্তৃপক্ষই সদৰী কৰিছে ।
সমান্তৰালভাৱে ফলাফলক লৈ সন্তুষ্ট নোহোৱা বা অন্যান্য অভিযোগ শিক্ষাৰ্থীসকলে সংশ্লিষ্ট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব বুলি ছেবা কৰ্তৃপক্ষই ব্যক্ত কৰি ফলাফলক লৈ অসন্তুষ্ট পৰীক্ষাৰ্থীয়ে বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব বুলি কয় ।
উল্লেখ্য যে এই বিশেষ মেট্ৰিক পৰীক্ষাৰ অনলাইন আবেদন পাঁচ আগষ্টৰ পৰা ১২ আগষ্টলৈ ছেবাৰ ৱেবছাইটত উপলব্ধ হ’ব আৰু সংশ্লিষ্ট বিদ্যালয়ৰ পৰা পৰীক্ষাৰ্থীজনে অনলাইনত আবেদনৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব । সংশ্লিষ্ট পৰীক্ষাৰ্থী এই বিশেষ মেট্ৰিকত ছয়টা পাঠ্যক্ৰমৰ থিয়ৰী পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব । এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ ক্ষেত্ৰত ৩০ জুলাইত ফলাফল ঘোষণা হ’ব লগা বিদ্যালয় মূল্যায়ন সমিতিয়ে যুগুত কৰা ‘ডিজিটেল মাৰ্কশ্বিট’ৰ বৈধতা বাতিল কৰা হ’ব আৰু বিশেষ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত পুনৰ মাৰ্কশ্বিট প্ৰদান কৰা হ’ব বুলি ছেবা কৰ্তৃপক্ষই সদৰী কৰিছে ।
ইফালে, ৩১ জুলাইত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মুঠ ২,৪৯,৮১২জন পৰীক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে । আঠটা ৱেবছাইটত পুৱা ন বজাত এই ফলাফল উপলব্ধ হ’ব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষ‌ই সদৰী কৰি উল্লিখিত মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত ১,৯১,৮৫৫জন কলা, ৩৮,৪৩০জন বিজ্ঞান আৰু ১৮,৪৪৩জন বাণিজ্য শাখাৰ পৰীক্ষাৰ্থী বুলি প্ৰকাশ কৰিছে ।

Related Articles

989 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *