sangbad lahar logo

সমাগত ভগৱান শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ ।ঘিলামৰাতো চলিছে ৰাস মঞ্চায়নৰ অভিজাত প্ৰস্তুতি ।

আৰু মাত্ৰ কিছুদিনৰ পিছতে উজনি-নামনি সামৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখৰিত হ’ব ভগৱান শ্ৰী শ্ৰী কৃষ্ণৰ আকোল বন্দনা । খোল-তাল, দবা-শংখ, বাঁহীৰ সুৰৰ মধুৰ ঝংকাৰত ৰাজ্য পৰিণত হ’ব গকুল, বৃন্দাবনলৈ ।

নকলেও হ’ব যে ৰাজ্যজুৰি সমগ্ৰ হিন্দু সমাজে শৰৎ কালৰ পূৰ্ণিমা ৰাতি পালন কৰি আহিছে এই ৰাস । মুখ্যতঃ হিন্দু উপাখ্যান সমূহত বৰ্ণিত অনুসৰি, পৰম্পৰাগত ভাওনা আৰু বৃন্দাবনত গোপীসকলৰ সৈতে ভগৱান শ্ৰীকৃষ্ণৰ নৃত্য গীতেৰে ভৰপূৰ নিভাজ প্ৰেমৰ ছবি খনকে এই ৰাসলীলাত অংকন কৰা হৈছে ।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ঘিলামৰা “পাঞ্চজন্য” শিল্পী সমাজৰ উদ্যোগতো এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ৰাস।এই উপলক্ষে দেওবাৰে সন্ধিয়া সকলো শিল্পী কলা-কুশলীৰ সহযোগত ঘিলামৰা কৃষ্টি ভৱনত সম্পাদন কৰা হয় আনুষ্ঠানিক আৰম্ভণি অনুষ্ঠান। নাৰিকল ভাঙি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ঘিলামৰা ঘাঁহি গাঁওৰ বয়োজেষ্ঠ ব্যক্তি ফটিক চন্দ্ৰ হাজৰিকাই ।
উল্লেখযোগ্য যে, পাঞ্চজন্যৰ মঞ্চত এইবেলি দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে । আনহাতে কৃষ্ণৰ ভাওত দেখিবলৈ পাব অন্য এজন জনপ্ৰিয় অভিনেতা মুকুন্দ মাধৱক ।

Related Articles