sangbad lahar logo

মহাৰাষ্ট্ৰৰ ভূষণ বঁটা প্ৰদান অনুষ্ঠানত অঘটন, হিটষ্ট্ৰ’কত মৃত্যু ১১ জনকৈ লোকৰ…

মহাৰাষ্ট্ৰত প্ৰচণ্ড গৰমত ১১ জনৰ মৃত্যু । নবি মুম্বাইত আয়োজিত হৈছিল  মহাৰাষ্ট্ৰৰ ভূষণ পুৰস্কাৰ অনুষ্ঠান । সেই অনুষ্ঠানতে মুকলি আকাশৰ তলত  প্ৰচণ্ড ৰ’দত বহি থকাৰ ফলত হিট ষ্ট্ৰ’কত মৃত্যু হয় ১১জন লোকৰ । প্ৰখৰ ৰ’দ আৰু গৰমত অসুস্থ হৈ পৰে ১২০ জনৰো অধিক লোক । হাস্পতালত ভৰ্তি হৈ আছে অৰ্ধশতাধিক লোক । এম জি এম হাস্পতালত অসুস্থ লোকসকলক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰী একনাথ শিন্দেই । হিট ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হোৱা  লোকসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে মহাৰাষ্ট্ৰ  চৰকাৰে । এই অনুষ্ঠানত সমাজকৰ্মী দত্তাত্ৰেয় নাৰায়ণ ওৰফে আপ্পাছাহেব  ধৰ্মাধিকাৰীক মহাৰাষ্ট্ৰ ভূষণ পুৰস্কাৰ দিয়া হৈছিল,  আৰু সেই উপলক্ষে তাত  উপস্থিত হৈছিল তেওঁৰ লক্ষাধিক অনুৰাগী । অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয়  গৃহমন্ত্ৰী অমিত শ্বাহো । অমিত শ্বাহৰ হাতেৰেই মহাৰাষ্ট্ৰ চৰকাৰৰ এই বঁটা গ্ৰহণ কৰে ধৰ্মাধিকাৰীয়ে ।

Related Articles