sangbad lahar logo

মঙ্গলদৈত ই-ৰিস্কা চুৰি কাণ্ডৰ মূল অপৰাধী গ্ৰেপ্তাৰ।

গ্ৰেপ্তাৰ হোৱা অপৰাধী দুজন হ’ল হবিবুৰ আৰু ৰাহাতুল্লা আলী। যোৱা ১ নৱেম্বৰৰ দিনা মঙলদৈ ৬ নং ৱাৰ্ড ইছলামপুৰৰ পৰা গুৱাহাটীলৈ ভাড়া কৰি এখন ই-ৰিস্কাৰ চালকক নিচা জাতীয় দ্ৰব্য খুৱাই বৰপেটাৰৰ তাঁৰাবাৰীত বিক্রী কৰে । উক্ত ঘটনা সংঘটিত হোৱাৰ ৭২ ঘন্টাৰ ভিতৰতে মঙ্গলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মস্কো শইকীয়া আৰু উপ-পৰিদৰ্শক কৃষ্ণ কান্ত লস্কৰৰ নেতৃত্বত চলা এক অভিযানত মঙ্গলদৈ হলৌচৌকাৰ হবিবুৰ ৰহমান সহ আৰু বৰপেটা তাৰাবাৰীৰ ৰাহাতুল্লা আলীৰ ঘৰৰ পৰা ই-ৰিস্কাখন উদ্ধাৰ কৰাৰ লগতে দুয়োজনকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *