sangbad lahar logo

বৰঘুলি অঞ্চলবাসীয়ে বিচাৰিছে কি?কোটি টকীয়া প্ৰকল্পক লৈ এতিয়া সন্তোষ প্রকাশ বৰঘুলি বাসী ৰাইজৰ।

জলসম্পদ বিভাগৰ অধীনত দিছপুৰ সমষ্টিৰ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰঘুলিত এটা বান্ধত ব্যাপক দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পৰিপ্ৰেক্ষিততে এতিয়া মুখ খুলিছে বৰঘুলি বাসী ৰাইজে। কলং নৈৰ প্ৰবাল সোঁতে মালয়বাৰীৰ বৰঘুলিলৈ যোৱা গৰকাপ্তানী পথ এটাৰ আধা অংশ উটুৱাই লৈ গৈছিল আৰু কলংৰ এই ভয়াবহ ৰূপত শঙ্কিত হৈ পৰিছিল অঞ্চলবাসী।

বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষক মালয়বাৰী পঞ্চায়ত আৰু বৰঘুলিবাসী ৰাইজে অনুৰোধ কৰাৰ পাছত উক্ত গৰাখহনীয়া হোৱা স্থানত কেইবা কোটি টকীয়া বান্ধ নির্মাণৰ কাম আৰম্ভ কৰিছে বিভাগে।

উল্লেখ্য যে, গৰাখহনীয়া হোৱা স্থানত জলসম্পদ বিভাগে খহনীয়া ৰোধ কৰিবলৈ উক্ত স্থানত এখন ৰিটাৰ্ণিং ৱাল নির্মাণ কৰি মালয়বাৰী বৰঘুলি সংযোগী পথটোৰ নির্মাণ কাৰ্য্য সম্পন্ন কৰি আছে যদিও বিজ্ঞান সন্মত ভাবে পুনৰ উন্নত মানৰ কাম কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে এতিয়া বৰঘুলিবাসী ৰাইজে।

Related Articles

141 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *