sangbad lahar logo

বৰক্ষেত্ৰীৰ ৰামপুৰত নিশা সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত তিনি কোটি টকাৰ ক্ষতিসাধন…

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰত সোমবাৰে নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷ ৰামপুৰ চ’ক বজাৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোত ভস্মীভূত হয় দহখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ বিধ্বংসী অগ্নিকাণ্ডটোত নিমিষতে ছাৰখাৰ হৈ যায় চ’ক বজাৰৰ কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ ৰামপুৰ চ’ক বজাৰত থকা ভাইটি কেবিনৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীয়ে পাঁচখনকৈ বাহনৰ সহায়ত এঘন্টাতকৈ অধিক সময় চলোৱা শ্বাসৰুদ্ধকৰ প্ৰচেষ্টাৰ অন্তত কথমপি ৰক্ষা পৰে অঞ্চলবাসী ৷

বিধ্বংসী অগ্নিকাণ্ডটোত গেলামালৰ পাইকাৰী দোকান, হোটেল, পাণ দোকান, হাৰ্ডৱেৰ, সাৰৰ দোকান, কিতাপৰ দোকান, ফাৰ্মাচী, চেলুনকে ধৰি দহখনকৈ দোকান ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে ৷ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে । অগ্নিকাণ্ডটোত প্ৰায় তিনি কোটি টকাৰ সা-সামগ্ৰী জুইত জাহ যায় বুলি জানিবলৈ দিয়ে ৰামপুৰ বজাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও যোৱা কেইবাবছৰত চাৰি/পাঁচ বাৰকৈ ৰামপুৰ চক- বজাৰত সংঘটিত হৈছিল বিধ্বংসী অগ্নিকাণ্ড । অগ্নি নিৰ্বাপক বাহিনীৰ এটি কাৰ্যালয় নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰত স্থাপন কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ দাবী জনাইছে স্থানীয় ৰাইজে । ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হয় । স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত  এঘণ্টামান পাছত জুই নিৰ্বাপন হয় ।

Related Articles