sangbad lahar logo

ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ ৷ বিদ্যাৰ দেৱী সৰস্বতীৰ মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত এতিয়া মৃৎশিল্পীসকল ৷

জ্ঞান আৰু বিদ্যাৰ দেৱী সৰস্বতী পূজালৈ মাজত মাথো এটা দিন ৷ শিক্ষাৰ দেৱীক বন্দনা কৰিবলৈ সাজু ৰাজ্যৰ শিক্ষানুষ্ঠানসমুহ ৷ বাগদেৱীৰ বন্দনাৰে মুখৰিত হব ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠান ৷সমান্তৰালকৈ ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ ৷ বিদ্যাৰ দেৱী সৰস্বতীৰ মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত এতিয়া মৃৎশিল্পীসকল ৷

সৰস্বতী পূজা বুলি ক’লেই ছাত্ৰ-ছাত্ৰীসকলে আধ্যাত্মিক তথা পবিত্ৰতাৰে পূজা অৰ্চনা আগবঢ়াই মৃন্ময় মূৰ্তিৰ আগত ৷ সেয়েহে ৰাজ্যৰ ভিন্ন স্থানৰ শিক্ষানুষ্ঠান সমূহৰ প্ৰতিমা ইতিমধ্যে নিৰ্মান কৰি থকা হৈছে ৷ প্ৰতিখন শিক্ষানুষ্ঠানৰ কৃত্ৰিম বাহ্যিকতাক পৰিহাৰ কৰি আধ্যাত্মিকতাৰে বিদ্যাৰ দেৱীক অৰ্চনা কৰিবৰ বাবে প্ৰতিমা সাজু কৰিছে কৰিছে মৃৎশিল্পীসকলে ৷

Related Articles