sangbad lahar logo

বিহালীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ । বিহালী আৰক্ষীৰ দলে জব্দ কৰিলে গাঞ্জাসহ  বাহন ।

 ৫ টা গাঞ্জা বেপাৰীক সোমবাৰে বিহালী আৰক্ষী আৰু জিনজিয়া আৰক্ষীৰ এটা দলে বিশ্বনাথ জিলা অতিৰিক্ত জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত এক গোপন সুত্ৰৰ পম খেদি প্ৰায় ১০ লাখ টকা মূল্যৰ ৬৪ কেজি গাঞ্জা জব্দ কৰে ৷ তথ্যমতে বিহালীৰ অসম-অৰুণাচল সীমান্তৱৰ্ত্তী এলেকাৰ বিহমাৰীৰ উমেশ পায়েঙ নামৰ গাঞ্জা বেপাৰীটোৰ বাসগৃহৰ পৰা প্ৰায় ৬৩ কেজি গাঞ্জাসহ  AS-12V-9183 নম্বৰৰ মাৰুতিভান এখন উদ্ধাৰ কৰে । গাঞ্জা জব্দ কৰাৰ উপৰিও বিহালীৰ টেলেঙণীয়াৰ কমল দাসৰ বাসগৃহৰ পৰা প্ৰায় ২ কেজি গাঞ্জা উদ্বাৰ কৰে ৷ উল্লেখ্য যে, অভিযানকাৰী দলটোৱে গাঞ্জাসহ পাঁচ(৫) টা গাঞ্জা বেপাৰীক আটক কৰে ৷ ধৃত গাঞ্জা বেপাৰী কেইটা হ’ল বিহমাৰী গাওঁৰ উমেশ পায়েঙ (৫৫),  টেলেঙনীয়া গাওঁৰ  কমল দাস (৬০),  গোবিন্দ দাস  (২৫),  চেৰেলীয়াৰ বিজুলী জাৰণিৰ ৰফিক খান (৬৫) আৰু মদন  মহানন্দীয়া (৩৬) ৷ সম্প্ৰতি বিহালী আৰক্ষীয়ে ধৃত গাঞ্জা বেপাৰী ৫ টাক অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে ৷

Related Articles