sangbad lahar logo

বিনিময় প্ৰথাৰে ভৰি পৰিছে জোনবিল মেলা।আধুনিক মূদ্ৰাৰ প্ৰচলন হৈ পৰিছে স্তব্ধ ।

জোনবিল মেলাৰ আজি দ্বিতীয়টো দিন। আজিও পাহাৰ আৰু ভৈয়ামৰ লোকসকলৰ মাজত বিনিময় প্ৰথাৰে বস্তুৰ আদান–প্ৰদান চলিছে। পুৱাৰ পৰা জোনবিলৰ পাৰ লোকে-লোকাৰণ্য হৈ পৰিছে। সকলোৱে ঐতিহাসিকভাৱে চলি অহা বিনিময় প্ৰথা পালন কৰিবলৈ উৎসাহিত হোৱা দেখা গৈছে
বিনিময় বজাৰেৰে জোনবিলৰ পাৰ জিলিকি উঠিছে। আজিৰ এই বিনিময় প্ৰথাৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে শুভাৰম্ভণি কৰিলে। ইয়াৰ পিছতেই পাহাৰৰ লোকসকলৰ সৈতে ভৈয়ামৰ লোকসকলৰ পিঠা, লাৰু, জলপানৰ আদান-প্ৰদান আৰম্ভ কৰে। আধুনিক যুগৰ এই সময়ত বিনিময় প্ৰথা পৰম্পৰাগতভাৱে বৰ্তাই ৰখাৰ চেষ্টা কৰিছে জোনবিলৰ পাৰত উপস্থিত পাহাৰ–ভৈয়ামৰ লোকসকলে। জোনবিল মেলাত বিনিময় প্ৰথা চলি থকাৰ সময়ত কিছুসময়ৰ বাবে জোনবিলৰ পাৰত আধুনিক মূদ্ৰাৰ প্ৰচলন স্তব্ধ হৈ পৰিছে।

জোনবিল মেলা বিশেষকৈ তিৱা জনগোষ্ঠীৰ মাজত প্ৰচলিত এক পম্পৰাগত মেলা। এই মেলাত বৰ্তমান অন্যান্য জনগোষ্ঠীয় লোকেও ভাগ লয়। মৰিগাঁৱৰ জাগীৰোডস্থিত জোনবিলৰ পাৰত অসমৰ ধেমাজি, মাজুলী, লখিমপুৰ, কাৰ্বি আংলং আদি বিভিন্ন স্থানৰ পৰা সা-সামগ্ৰীলৈ লোকসকল আহিছে। পাহাৰৰ আদা, হালধি, কচু, পাহাৰীয়া আলু আদি ভৈয়ামৰ লোকসকলে নিজে প্ৰস্তুত কৰা চিৰা-পিঠা, শুকান মাছ আদিৰ সৈতে বিনিময় কৰা হয়। জোনবিলৰ পাৰত বিভিন্ন পৰম্পৰাগত আৰু জনগোষ্ঠীয় খাদ্য আৰু থলুৱা পানীয়ৰ লগতে অন্যান্য সা–সামগ্ৰীও উপলব্ধ হৈছে।

Related Articles