sangbad lahar logo

বল টেম্পাৰিং বিতৰ্কত নাম সাঙোৰ খাইছে ৰবীন্দ্ৰ জাদেজাৰ।

BGT শৃংখলাৰ প্ৰথম টেষ্টৰ প্ৰথম দিনটোতে চৰ্চাত ৰবীন্দ্ৰ জাদেজা। জাদেজাৰ বিৰুদ্ধে বল টেম্পাৰিঙৰ অভিযোগ কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰৰ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম দিনটোতে জাদেজাই দখল কৰিছিল ৫ উইকেট।

মেচখনৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে সৰৱ অষ্ট্ৰেলিয়ান মিডিয়া। ভিডিঅ’টোত দেখা গৈছিল মহম্মদ ছিৰাজ আৰু ৰবীন্দ্ৰ জাদেজাক। ছিৰাজৰ পৰা বিশেষ সামগ্ৰী জাদেজাই আঙুলিত ঘঁহিছিল। ইয়াৰ পিছতে জাদেজাৰ বিৰুদ্ধে সৰৱ হৈছিল কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰ। আচলতে জাদেজাই আঙুলিৰ বিষ উপশমৰ বাবে লগাইছিল বিশেষ দৰৱ। ঘটনা সন্দৰ্ভত ৰোহিত শৰ্মাই সবিশেষ জনাইছিল মেচ ৰেফাৰী এণ্ডী পাইক্ৰাফ্টক।

Related Articles