sangbad lahar logo

বলীউডৰ মিষ্টাৰ পাৰ্ফেকচনিষ্ট আমিৰ খানৰ আজিৰ ৫৮ তম ওপজা দিন । তেওঁৰ জীৱনৰ টাৰ্নিং পইণ্ট কোনখন ছবি আছিল, আপুনি বাৰু জ্ঞাতনে ?

১৯৬৫ চনৰ ১৪ মাৰ্চত মুম্বাইত জন্মগ্ৰহণ কৰিছিল আমিৰ খানে । তেওঁৰ সম্পূৰ্ণ নাম মহম্মদ আমিৰ হুছেইন খান । আমিৰৰ পিতৃ তাহিৰ হুছেইন এজন চলচ্চিত্ৰ নিৰ্মাতা আছিল ,তাহিৰৰ ছবি পদ্ডিয়াৱাৰ বিফল হোৱাত , আমিৰে অনুভৱ কৰিলে যে তেওঁ চলচ্চিত্ৰ জগতখনৰ দিশত এখোজ আগুৱাই যাব । সৰুৰে পৰা অভিনয়ৰ প্ৰতি আগ্ৰহী আমিৰে
পঢ়া-শুনা আধাতে সামৰি অভিনয়ৰ ক্ষেত্ৰখনত খোজ পেলাইছিল । আৰম্ভণিতে তেওঁ কেইখনমান চুটি ছবিত কাম কৰিছিল যদিও “কায়ামত ছে কায়ামত টক” তেওঁৰ প্ৰথম ছবি । এই ছবিখন চুপাৰ হিট হোৱাৰ লগতে আমিৰ অতি জনপ্ৰিয় হৈ পৰে ।

Related Articles