sangbad lahar logo

বন্যহস্তীৰ উপদ্ৰৱত শংকিত হৈ পৰিছে কলিয়াবৰ

কলিয়াবৰত দৈনিক বন্যহস্তীৰ উপদ্ৰৱ । বনহস্তীৰ উপদ্ৰৱৰ বাবেই বিনিদ্ৰ ৰজনী গঞাৰ । নিশা কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিছাৰ জয়ৰাম মহাভৈ নামৰ লোকজনৰ ঘৰত উপদ্ৰৱ চলাই বনৰীয়া হাতীয়ে । নিশা দুই মান বজাত বাৰীৰ কলগছ খাই থকা হাতীটো খেদিবলৈ চেষ্টা কৰোঁতে চোচা লৈ আহে জয়ৰাম মহাভৈলে। কোনোমতে বিচনাৰ তলত সোমাই প্ৰাণ ৰক্ষা পৰে তিনিজনীয়া পৰিয়ালটো । উলেখ্য যে শনিবাৰে নিশা ও হাতীগাওঁ  চাহ বাগিছাত বনৰীয়া হাতীয়ে পাঁচজনকৈ বাগিছাৰ শ্ৰমিকক আক্ৰমন কৰিছিল  । ইয়াৰ পিছতে আজি শাকমুঠীয়া চাহ বাগিছাত পুনৰ শ্ৰমিকৰ ঘৰ ভাঙে বনৰীয়া হাতীয়ে । ইয়াক লৈ শংকিত হৈ পৰিছে বাগিছাৰ শ্ৰমিকসকল ।

Related Articles