sangbad lahar logo

বটদ্ৰৱা থানত মাঘী পূৰ্ণিমা উৎসৱত হাজাৰ-হাজাৰ ভক্ত বৈষ্ণবৰ উপস্থিতত উদুলি-মুদুলি বটদ্ৰৱা থান।

পৱিত্ৰ মাঘী পূৰ্ণিমা তিথি উপলক্ষে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ আগমনত উদুলি-মুদুলি হৈ পৰে গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱা। ভকতিৰ অমিয়া ৰসত বুৰ গ’ল বটদ্ৰৱা থান। শ-শ বছৰৰ পৰম্পৰাৰে এইবছৰো মাঘী পূৰ্ণিমা উৎসৱটি বটদ্ৰৱাত দিনযোৰা কাৰ্য্যসূচীৰে উলহ মালহেৰে উদযাপণন কৰা হয়। এই উপলক্ষে পুৱা তাল কোবোৱা প্রসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্রসংগ অনুষ্ঠিত হয়। থানৰ কীৰ্তন ঘৰত দুপৰীয়াৰ ডেৰপৰীয়া প্ৰসঙ্গত “এ হৰি ৰাম নিৰঞ্জন” শীৰ্ষক কীৰ্তন গোৱা হয়। মাঘী পূৰ্ণিমা উপলক্ষে জাতীয় সাজ পৰিধান কৰি আহি বটদ্রৱা থানৰ কীৰ্তনঘৰ, পদশিলা, দৌল মন্দিৰত এভাগ তেল বন্তি সেৱাৰ নৈবেদ্য আগবঢ়াই হেজাৰ হেজাৰ ভক্তই , আনহাতে আশীষ নিৰ্মালী গ্রহণৰে দৃষ্টিনন্দন পৰিবেশ সৃষ্টি কৰে। পৱিত্ৰ মাঘী পূৰ্ণিমাৰ লগত সংগতি ৰাখি বটদ্রৱাৰ ঐতিহাসিক দৌল মন্দিৰত পুৱা আইসকলৰ নাম, দুপৰীয়া প্ৰসংগৰ পাছত মন্দিৰ বাকৰিত বিয়লিৰ পৰা মাজ নিশালৈকে ননৈৰ নয়নজ্যোতি নামতি দলৰ যুৱক যুৱতী সকলৰ নামটি দলে দিহা নাম পৰিবেশন কৰি সহস্ৰাধিক তীৰ্থযাত্ৰীক আপ্লুত কৰে।

Related Articles

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *