sangbad lahar logo

প্ৰবীণ কৌতুক অভিনেতা হৰেণ মালাকৰ আৰু নাই।

দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকা জনপ্ৰিয় অভিনেতা গৰাকীয়ে শনিবাৰে নিশা হাজোৰ মালিটোলাৰ নিজবাসগৃহত সকলোকে হহুৱাই ভাল পোৱা জনে ইহলীলা সম্বৰণ কৰে। ১৯৪৮ চনৰ ৩০ জুনত জন্মগ্ৰহণ কৰা মালাকৰে সুদীৰ্ঘ প্ৰায় ৫০ বছৰে অসমৰ আগশাৰীৰ ১৪খনকৈ ভ্ৰাম্যমাণ থিয়েটাৰত ২০০তকৈয়ো অধিক নাটকত অভিনয় কৰিছিল।

তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অসমৰ নাট্যজগতৰ লগতে জনস্থান হাজোত গভীৰ শোকৰ ছাঁ পৰিছে। অসম চৰকাৰৰ দ্বাৰা মনোনীত হৈ শিল্পী পেঞ্চনৰ সন্মানৰ ওপৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দ্বাৰা সন্মানিত হৈছিল।

প্ৰবীণ কৌতুক অভিনেতা গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শুভকাংক্ষী তথা সহ অভিনেতাসকলে তেখেতৰ বাসগৃহত ভিৰ কৰা দেখা যায়।লগতে সদৌ অসম ছাত্ৰ সন্হাৰ এটি দলে হৰেন মালাকৰ নশ্বৰ দেহত সদৌ অসম ছাত্ৰ সন্হাৰ পতাকাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিধায়িকা সুমন হৰিপ্ৰিয়াৰ লগতে হাজো সাংবাদিক সন্হাই মালাকৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
উল্লেখ্য যে কৌতুক অভিনেতা হৰেণ মালাকৰৰ নশ্বৰ দেহলৈ হাজোৰ জনসাধাৰণৰ লগতে বিভিন্ন দল সংগঠনে সমগ্ৰ হাজো অঞ্চলত পৰিভ্ৰমন কৰে।আৰু সমগ্ৰ হাজো বাসীৰ লগতে বিভিন্ন অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ ফালৰ পৰা শেষ শ্ৰদ্ধা নিবেদন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *