sangbad lahar logo

পৌৰ ক’ৰ বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মৰিগাঁও ত..

ৰাজ্যত শেহতীয়াকৈ বলবৎ কৰা অত্যাধিক পৌৰ ক’ৰ বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে সমগ্ৰ অসম জুৰি পৌৰসভা ঘেৰাও কাৰ্য্যসূচী ৰূপায়ণ কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ , মৰিগাঁও জিলা সমিতিয়ে ঘেৰাও কৰে মৰিগাঁও পৌৰসভাৰ কাৰ্য্যালয় । বি জে পি ৱাক থু , বি জে পি গ’ বেক , পৌৰ ক’ৰ বাতিল কৰক , আমাৰ দাবী মানি লঁওক আদি প্ৰতিবাদী শ্ল’গানেৰে সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ।

Related Articles