sangbad lahar logo

পুনৰ ক’ৰনা সংক্ৰমণ ! দিল্লী , মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত বৃদ্ধি সংক্ৰমণৰ হাৰ ।

বৃহস্পতিবাৰে আৰু অধিক বৃদ্ধি পালে সংক্ৰমণৰ হাৰ । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শুকুৰবাৰে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি যোৱা ২৪ ঘন্টাত দেশত ৩ হাজাৰ ৯৫ জন লোক আক্ৰান্ত হৈছে । আকৌ ক’ৰনা সংক্ৰমণৰ চিন্তা  । বুধবাৰে সমগ্ৰ দেশতে ৩ হাজাৰ ১৬ জন লোক Covid ত আক্ৰান্ত হয়  । যোৱা ৬ মাহৰ ভিতৰত ই আছিল সৰ্বাধিক সংক্ৰমণৰ হাৰ । বৃহস্পতিবাৰে আৰু অধিক বৃদ্ধি পালে সংক্ৰমণৰ হাৰ । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শুকুৰবাৰে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি যোৱা ২৪ ঘন্টাত দেশত ৩ হাজাৰ ৯৫ জন লোক আক্ৰান্ত হৈছে । সংক্ৰমণৰ ক্ষেত্ৰত শীৰ্ষ তিনিখন ৰাজ্য হ’ল দিল্লী, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশ । বুধবাৰে দিল্লীত দৈনিক আক্ৰান্তৰ সংখ্যা আছিল ৩০০ । বৃহস্পতিবাৰে এই সংখ্যা আৰু বৃদ্ধি পালে । দিল্লীৰ দুগৰাকী বাসিন্দাৰো ২৪ ঘন্টাৰ ভিতৰত Covid ৰ বাবে মৃত্যু হয় । এনে পৰিস্থিতিত বৃহস্পতিবাৰে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজে স্বাস্থ্য বিষয়াৰ সৈতে বৈঠকত বহিল । সভাৰ শেষত তেওঁ কয় যে যিসকলৰ কৰ’নাৰ লক্ষণ দেখা গৈছে তেওঁলোকে মাস্ক ব্যৱহাৰ কৰিব লাগে । এই সন্দৰ্ভতো গাইডলাইন জাৰি কৰা হয় । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে Covid  পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰিছিল । দিল্লীৰ স্বাস্থ্যমন্ত্ৰীয়ে অৱশ্যে এই বিষয়ত এতিয়া কোনো চিন্তাৰ কাৰণ নাই বুলি কয় । কাৰণ হিচাপে তেওঁ কয় যে দিল্লীত কোভিডৰ কোনো নতুন ৰূপ বা উপপ্ৰকাৰ পোৱা নগ’ল । মূলতঃ পুৰণি ৰূপৰ Covid-19, XBB আৰু ইয়াৰ ভেৰিয়েন্ট ১.১৬ ৰ বাবে সংক্ৰমণৰ হাৰ বেছি । বৃহস্পতিবাৰে মহাৰাষ্ট্ৰত ৭০০ লোক আক্ৰান্ত হয় Covid ত । বুধবাৰে এই সংখ্যা আছিল ৬৯৪ । ফলত ৰাজ্যত সক্ৰিয় Covid ৰোগীৰ সংখ্যাই ৩০০০ অতিক্ৰম কৰিলে । সংক্ৰমণৰ ক্ষেত্ৰত উদ্বেগৰ বাবেই তাত দুখন জিলা আছে । সোলাপুৰ আৰু সাংলি । উত্তৰ প্ৰদেশ চৰকাৰে ব্যক্তিগত চিকিৎসালয়সমূহক Covid আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ বাবে সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিছে । গাজিয়াবাদ, বুদ্ধনগৰ,   দৰে জিলাই সংক্ৰমণৰ ক্ষেত্ৰত ৰাজ্যৰ প্ৰশাসনক চিন্তিত কৰি তুলিছে । কেন্দ্ৰই সকলো ৰাজ্যকে বিশেষকৈ এই তিনিখন ৰাজ্যৰ প্ৰশাসনক Covid testing বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ কয় ।

Related Articles