sangbad lahar logo

নেপালত অনুষ্ঠিত ইণ্ডো  নেপাল গেমছ ইণ্টাৰনেচনেল চেম্পিয়নশ্বিপত উজ্বলিল তিনিচুকীয়াৰ দুই যুৱক । সোণৰ পদক অৰ্জন কৰা তিনিচুকীয়াৰ দুগৰাকী খেলুৱৈ ক্ৰমে লীলাম্বৰ মৰাণ আৰু ৰক্তিম মৰাণ ।

অসমৰ লগতে তিনিচুকীয়াবাসীৰ বাবে আছে এটা সুখবৰ । নেপালত অনুষ্ঠিত ইণ্ড’  নেপাল গেমছ ইণ্টাৰনেচনেল চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰি হেণ্ড বল প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন তিনিচুকীয়াৰ  দুগৰাকী খেলুৱৈ ক্ৰমে লীলাম্বৰ মৰাণ আৰু ৰক্তিম মৰাণৰ । আজি বদৌচা ভৱনত দুয়োগৰাকী বিজয়ী খেলুৱৈক সদৌ মৰাণ ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনৰ বিষয়-ববীয়াৰ লগতে যথেষ্ঠ ৰাইজৰ উপস্থিতিত  ফুলাম গামোচা জাপিৰে উষ্ম আদৰণি জনায় ।

Related Articles