sangbad lahar logo

নিমাতীঘাটৰ ফেৰী দূৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা লোকৰ স্মৃতিত গেলেকীত “জ্যোতিমাৰ্গ” বেচৰকাৰী সংস্থাৰ বৃক্ষৰোপণ কাৰ্যসূচী ।

নিউজ ডেস্ক: নিমাতীঘাটৰ ফেৰী দূৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা লোকৰ স্মৃতিত গেলেকীত “জ্যোতিমাৰ্গ” বেচৰকাৰী সংস্থাৰ দ্বাৰা বৃক্ষৰোপণ কাৰ্যসূচী ।
এই নাও দূৰ্ঘটনাত পৰিণিতা দাস (প্ৰবক্তা) ৰ লগতে ইন্দ্ৰেশ্বৰ বৰা নামৰ এজন লোকে অকাল মৃত্যুক সাৱতাৰ লগতে ড: বিক্ৰমজিৎ বৰুৱা নামৰ এজন লোকৰ আজিও সন্ধান ওলিয়াব পৰা নাই ।

এই নাও দূৰ্ঘটনাত নিহত দুয়োজন লোকৰে আত্মাৰ সদগতিৰ লগতে নিখোজ হৈ থকা ব্যক্তিজনৰ সন্ধান ওলোৱাৰ বাবে গেলেকীৰ মছজিদত সমূহীয়াকৈ দোৱা (প্ৰাৰ্থনা) জনোৱা হয় ।

ভাৰত স্বাধীন হোৱাৰ 75 বছৰ পাৰ হৈ যোৱাৰ পাছতো মাজুলী সংযোগী এখন দলং ন’হল যাৰ বাবে হয়তো এই দূৰ্ঘটনা সংঘটিত হবলৈ পালে বুলি মত পোষন কৰিছে গেলেকীৰ স্থানীয় সচেতন ৰাইজে ।

আজি জ্যোতিমাৰ্গ NGO ৰ দ্বাৰা গেলেকীৰ ভালেকেইটা ধৰ্মীয় উপসনা স্থান মন্দিৰ,মছজিদ , নামঘৰৰ প্ৰসঙ্গত ফেৰি দূঘটনা নিহত দুয়োগৰাকী ব্যক্তিৰ আত্মাৰ সদগতিৰ বাবে বৃক্ষৰোপণ কৰা হয় লগতে নিখোজ হৈ থকা ব্যক্তিজনৰ সন্ধান ওলোৱাৰ বাবে সমূহীয়াকৈ দূৱা আৰু মৌন প্ৰাৰ্থনা কৰা হয় ।

Related Articles

1,031 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *