sangbad lahar logo

ধলা-শদিয়া সংযোগী ড° ভূপেন হাজৰিকা সেঁতুৰ সমীপত বোকাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত তিনি গৰাকী লোক , তাৰে ভিতৰত এগৰাকী মহিলা ৷

মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা । এখন ডাম্পাৰ আৰু বলেৰ’ পিক আপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ ৷ AS 23 CC 1737 নম্বৰৰ ডাম্পাৰ আৰু নতুন বলেৰ’ পিক আপ বাহনৰ মাজত এই সংঘৰ্ষ ৷ জানিব পৰা মতে বলেৰ’ পিক আপ বাহনত মুঠ পাঁচ গৰাকী যাত্ৰী আছিল ৷ ব’লেৰ পিকআপ বাহনখন শদিয়াৰ পৰা তিনিচুকীয়া অভিমুখে গৈ আছিল ৷ ডাম্পাৰ খন ডুমডুমাৰ শদিয়া অভিমুখে গৈ আছিল ৷ এই দুৰ্ঘটনাত একে পৰিয়ালৰ তিনিজন পিতৃ মাতৃ আৰু পুত্ৰ থিতাতে নিহত ৷ শদিয়াৰ পৰা নেপাললৈ গৈ আছিল ৷ ব’লেৰ’ পিকআপ বাহনত মুঠ পাঁচজন আছিল ৷ চাৰিজন পুৰুষ এগৰাকী মহিলা ৷ পাঁচজনৰ মাজৰ পৰা তিনিজন একে পৰিয়ালৰ লোক মৃত্যু ৷ পথ দুৰ্ঘটনা থলীত ধলা – ছৈখোৱাঘাট আৰু শদিয়া আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান কৰে ৷ নিহত দিলবাহদুৰ সোনাৰ, দলমায়া সোনাৰ, বিনোদ সোনাৰ ৷ সংকটজনক অৱস্থাত দুজন ৷ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছে ।

Related Articles