sangbad lahar logo

দেৰগাৱঁত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰশংসনীয় পদক্ষেপ …

আজি দেৰগাৱঁত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ । দেৰগাওঁ চহৰত দীপাৱলীত চাকি জ্বলাবলৈ ব্যৱহাৰ কৰা ৭০০ ৰো অধিক কলগছ সংগ্ৰহ কৰি কাজিৰঙাৰ বাগৰিৰ বন্যহস্তীৰ খাদ্যৰ বাবে প্ৰেৰণ কৰে ছাত্ৰ সংগঠনটোৱে । দীপাৱলী উদযাপনৰ পিছত চহৰৰ বিভিন্ন ঠাইত আৱৰ্জনা হৈ পৰি ৰয় চাকি জ্বলাবলৈ ব্যৱহাৰ কৰা এই কলগছ সমূহ । যি সময়ত খাদ্যৰ অভাৱত বনাঞ্চলৰ পৰা জলাঞ্চললৈ বন্যহস্তী ওলাই আহিবলৈ বাধ্য হৈছে তেনে সময়তে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গ্ৰহণ কৰা এই পদক্ষেপক শলাগ লৈছে সকলোৱে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *