sangbad lahar logo

দেওঁবাৰে বিশ্বনাথ ঘাটত চাঞ্চল্য।মহাবাহু ব্ৰহ্মপুত্ৰত জাপ দি এগৰাকী মহিলাৰ আত্মহনন।

বিশ্বনাথ ঘাটৰ শ্মশান থলিত এইবাৰ অঘটন। AS12 K 9939 নম্বৰৰ স্কুটি লৈ অহা প্ৰিয়ংকা গগৈ নামৰ মহিলা গৰাকীয়ে বিশ্বনাথ ঘাটৰ শ্মশান থলিৰ সন্মুখত স্কুটি ৰখাই ব্ৰহ্মপুত্ৰৰ বুকুত দিলে জাপ ৷ প্ৰিয়ংকা বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড: নিত্যানন্দ গগৈৰ কনিষ্ঠ কণ্যা আৰু চতিয়া গেৰেকীৰ নীলম বৰুৱাৰ পত্নী ৷ পেছাত শিক্ষয়িত্ৰী আছিল প্ৰিয়ংকা গগৈ ৷স্থানীয় ৰাইজৰ তৎপৰতাত তথা মাছমৰীয়াৰ অনুসন্ধানত সন্দেহ কৰা স্থানতে উদ্ধাৰ কৰে প্ৰিয়ংকা গগৈৰ নিথৰ মৃতদেহ। প্ৰায় এঘন্টা অনুসন্ধান চলোৱা পিছতে উদ্ধাৰ কৰা হয় প্ৰিয়ংকা গগৈৰ মৃতদেহটো।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *