sangbad lahar logo

দুভৰিৰ ছন্দ হেৰুৱায় দিশহাৰা এগৰাকী মহানগৰীৰ নৃত্যশিল্পী,,

সংবাদ লহৰ , ডিজিটেল ডেক্স– এই যুৱকজনৰ নাম ৰাজপাল । মহানগৰীৰ শিলপুখুৰীৰ নৃত্যবিশাৰদ এইগৰাকী উদীয়মান নৃত্যশিল্পী তথা নৃত্য পৰিচালকে সুন্দৰ নৃত্যৰে জিনিছিল সহস্ৰাধিকৰ হৃদয় । কিন্তু আজি থমকি ৰৈছে তেওঁৰ দুভৰিৰ চন্দ । জুন মাহত এটা ৰে’ল দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ৰাজপালৰ দুটাকৈ ভৰিৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হৈছে যদিও এতিয়াও উপশম পোৱা নাই যন্ত্ৰণাৰ পৰা । পুনৰ ডাক্টৰে প্লাষ্টিক ছাৰ্জাৰীৰ পৰামৰ্শ দিছে যাৰ ব্যয় কমেও ৪ লাখ টকা । অসুস্থ পিতৃৰ পক্ষে অসম্ভৱ হৈ পৰিছে এই ব্যয়বহুল চিকিৎসা । একমাত্ৰ উপাৰ্জনক্ষম পুত্ৰৰ চিকিৎসাৰ বাবে বিচাৰে আপোনাৰ এধানি সহায় । আপুনিও আগবঢ়াওক সহায়ৰ সুদূৰপ্ৰসাৰী হাত । উপশম হ‌ওঁক শিল্পীগৰাকীৰ দুৰ্দশা আৰু উভতি যাওক নিজৰ কৰ্মক্ষেত্ৰলৈ

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *