sangbad lahar logo

তিনিচুকীয়া জিলাৰ মাকুমত দুটাকৈ পথ দুৰ্ঘটনা ।

আজি ৰাতিপুৱা মাকুমত দুটাকৈ পথ দুৰ্ঘটনা সংঘটিত হয় । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হিন্দী বিদ্যালয়ৰ সন্মুখত বিদ্যালয়লৈ আহি থকা অৱস্থাত পাছফালৰ পৰা এগৰাকী ছাত্ৰীক AS-23-Z-2135 নম্বৰৰ Hero Super Splendor  এখন মটৰ চাইকেলেৰে খুন্দিয়ায় । ছাত্ৰীগৰাকীয়ে মুৰত আৰু কপালত আঘাত পোৱাৰ লগে লগে ছাত্ৰীগৰাকীক স্থানীয় চিকিৎসালয়লৈ নিয়া হৈছিল যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আনফালে পুনৰ একে সময়তে মাকুম ডিগবৈস্থিত কিশান ফেক্টৰীৰ সমীপত বেটিলিয়ানৰ পৰা মাকুম অভিমুখে আহি থকা যাত্ৰী কঢ়িয়াই অনা AS- 23-BC-1158 নম্বৰৰ অ’টো এখন গতিবেগ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় ভালেকেইজন ব্যক্তি । ততাতৈয়াকৈ স্থানীয়লোকে আহত অ‘টো চালকসহ পাঁচজনকৈ যাত্রীক তিনিচুকীয়াৰ ব্যক্তিগত খণ্ড লাইফ লাইন চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলি জানিবলৈ পৰা গৈছে ।

Related Articles