sangbad lahar logo

ড° নন্দিতা শৰ্মালৈ “ বিশিষ্ট শিক্ষাবিদ বঁটা ”।

অসমৰ আগশাৰীৰ জনপ্ৰিয় ৱেব চেনেল “ দা নেটৱৰ্ক অসম ”য়ে যোৱা ১৬ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে জ্যোতি চিত্ৰবনত দিনজোৰা কাৰ্যসূচীৰে “গোল্ডেন এৱাৰ্ডচ -২০২২ ”অনুষ্ঠানৰ আয়োজন কৰে ৷ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চেনেলটিয়ে অসমৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোত ভাবে জড়িত থকা সন্মানীয় কিছু ব্যক্তি আৰু প্ৰতিষ্ঠানক গোল্ডেন এৱাৰ্ডচ-২০২২ ৰ বিভিন্ন বঁটাৰে সন্মানিত কৰে ৷ জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° নন্দিতা শৰ্মালৈ শৈক্ষিক জগতত অনবদ্য অৱদান আগবঢ়োৱা বাবে দা নেটৱৰ্ক অসমে “বিশিষ্ট শিক্ষাবিদ বটাঁ”ৰে সন্মানিত কৰে ৷ উল্লেখযোগ্য যে এই বছৰৰ পৰা এই চেনেলটিয়ে দেশৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা লোক তথা প্ৰতিষ্ঠানক বঁটা প্ৰদান কৰিব ৷দা নেটৱৰ্ক অসমৰ হৈ এই বটাঁ প্ৰদান কৰে অসমৰ স্বনামধন্য সংগীত শিল্পী ,চিকিৎসক তথা সুৰকাৰ ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে ৷
উল্লেখযোগ্য যে অসমৰ এখন লেখতলবলগীয়া মহাবিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত শিক্ষাৰ ক্ষেত্ৰত এক সুস্থ বাতাবৰণৰ সৃষ্টি কৰি অহা শৰ্মা আজি মহাবিদ্যালয় খনত সকলোৰে মুখত এটি পৰিচিত নাম ৷
গোলাঘাট জিলাৰ কছাৰীহাট নিবাসী শ্ৰী যুতা অৰুণা বৰুৱা
আৰু শ্ৰী যুত দিনেশ চন্দ্ৰ শৰ্মাৰ জ্যেষ্ঠকন্যা ড° নন্দিতা শৰ্মাই কছাৰীহাট হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় ৷২০০০ চনত দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ পৰা সংস্কৃত সন্মানীয় বিষয় হিচাপে লৈ স্নাতক আৰু ২০০২ চনত গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত (কাব্য) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ উপৰিও ২০০৩ চনত কামৰূপ জিলাৰ লংকেশ্বৰস্থিত অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰা বি.এড. ডিগ্ৰী লাভ কৰে ৷২০০৫ চনত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত সংস্কৃত কাব্য বিভাগত সহকাৰী অধ্যাপিকা হিচাপে যোগদান কৰে ৷মহাবিদ্যালয়ত শিক্ষাদান কৰি থকা সময়তেই ২০১৪ চনত গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ .ডি ডিগ্ৰী লাভ কৰে।
মহাবিদ্যালয়খনত প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক স্বৰূপ সকলোৰে শ্ৰদ্ধাৰ নন্দিতা শৰ্মাই অতি মৰমেৰে শিক্ষা দান কৰি ছাত্ৰ-ছাত্ৰীসকলৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰি আহিছে ৷
উল্লেখযোগ্য যে অনুষ্ঠানত ড° নন্দিতা শৰ্মাৰ লগতে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা,অসমৰ জনপ্ৰিয় সাংবাদিক চক্ৰপাণি পৰাশৰ,বিশিষ্ট ব্যৱসায়ী তথা ডাটা মেচনৰ স্বত্বাধিকাৰী পৱন কুমাৰ আগৰৱালা, বিশিষ্ট সংগীত পৰিচালক অজয় ফুকনকে ধৰি কেইবাগৰাকী লোকক দা নেটৱৰ্ক অসমে বঁটা প্ৰদান কৰে৷
ড° শৰ্মাই এই বঁটা লাভ কৰাৰ পিছতে তেওঁৰ জন্মস্থানৰ লগতে মহাবিদ্যালয়খনত এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে ৷

Related Articles