sangbad lahar logo

চুলাই মদৰ ঘাটি থকা অঞ্চল সমূহত বৃদ্ধি পাইছে কভিডৰ সংক্ৰমন, ভাতি উচ্ছেদ কৰিবলৈ নিৰ্দেশ মন্ত্ৰী পিযুষ হাজৰিকাৰ 

চুলাই মদৰ ঘাটি থকা অঞ্চল সমূহত বৃদ্ধি পাইছে কভিডৰ সংক্ৰমন ৷ চতিয়া, বিশ্বনাথ চাৰিআলি আদি অঞ্চলৰ লোকেল চুলাই মদৰ ঘাটি থকা অঞ্চল সমূহত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমন ৷ কালি বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্টিত ক’ভিড পৰ্যালোচনা সভাত অংশগ্ৰহন কৰি এই মন্তব্য কৰে মন্ত্ৰী পিযুষ হাজৰিকাৰ ৷ মন্ত্ৰী গৰাকীয়ে তিনি দিনৰ ভিতৰত বিশ্বনাথ জিলাৰ সকলো চুলাই মদৰ ভাতি উচ্ছেদ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে ৷ মন্ত্ৰী গৰাকীয়ে লগতে বিশ্বনাথ জিলাৰ ক’ভিড সংক্ৰমনৰ হাৰ ২.৫০ তকৈও অধিক হোৱাৰ বাবে সকলোকে বিনা কাৰনত ঘৰৰ পৰা ওলাই নাহিবলৈ আহ্বান জনাই ৷ বিশ্বনাথ চাৰিআলিত উপস্থিত হৈ সাধাৰন নাগৰিকৰ দৰে সমগ্ৰ চহৰখন পৰিভ্ৰমণ কৰা মন্ত্ৰী গৰাকীয়ে ঔষধৰ দোকানৰ সন্মুখত অস্বাভাৱিক হাৰত মানুহৰ সংখ্যা বৃদ্ধি পোৱা ঘটনাত উদ্বেগ প্ৰকাশ কৰে ৷ সামান্য বস্তু এটা বিচাৰি ঘৰৰ পৰা ওলাই অহা পৰম্পৰা বন্ধ কৰিবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনাইছে ৷ অন্যথা জিলাখনৰ পৰিৱেশ অধিক ভয়াবহ হ’ব ৷ ইফালে সাংবাদিক সকলকো অতি প্ৰয়োজনীয় কামতহে ঘৰৰ বাহিৰলৈ ওলাবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *