sangbad lahar logo

গছক ভালপোৱা বাইহাটাৰ কৰৰা নিবাসী এজন বিশেষ ব্যক্তি।

নাম তেওঁৰ দিগন্ত ডেকা । কৰৰা নিবাসী এই গৰাকী ব্যক্তিৰ উদ্যোগত ৰূপায়ণ কৰা হয় সামূহিক বৃক্ষৰোপন কাৰ্যসূচী । চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় নোহোৱাকৈ একক প্ৰচেষ্টাৰে নিজৰ ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা পোৱা ধনেৰে বিগত কেইবা বছৰৰ পৰা কৰৰা অঞ্চলৰ বিভিন্ন ঠাইত গছ ৰোপণ কৰি আহিছে তেওঁ । বিগত বছৰ কেইটাৰ দৰে এইবেলিও কৰৰা শ্ৰী শ্ৰী গণেশ মন্দিৰ নিৰ্মাণ কাৰ্য্যৰ লগত সংগতি ৰাখি নিজৰ উপাৰ্জনৰ ধনেৰে কৰৰা অঞ্চলৰ বিভিন্ন ঠাইত এহেজাৰ গছ পুলি ৰোপণ কৰে । লগতে তেওঁ কয় যে গছ পুলি ৰোপণ কৰাই নহয় ৰোপণ কৰা গছপুলি সমূহ নিজৰ সন্তানৰ দৰে সম্পূৰ্ণ প্ৰতি পালন কৰিব লাগে বুলিও কয় প্ৰকৃতি প্ৰেমিক দিগন্ত ডেকাই । উক্ত বৃক্ষ ৰোপণ কাৰ্য্যসূচী শুভ আৰম্ভণি কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া আৰু কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই । লগতে উক্ত কাৰ্যসূচীত উপস্থিত থাকে কৰৰা শ্ৰী শ্ৰী গণেশ মন্দিৰ পৰিচালনা সমিতি আৰু কৰৰা বাসী ৰাইজ

Related Articles

83 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *