sangbad lahar logo

কালাৰ্চত সম্প্ৰচাৰ হ’বলগীয়া নিমা ডেংজুনপা নামৰ ধাৰাবাহিকখনত অভিনয় কৰিছে অসমৰ জীয়ৰী সুৰভি দাসে

ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় টিভি চেনেল কালাৰ্চযোগে সম্প্ৰচাৰিত হ’বলগীয়া ‘নিমা ডেংজুনপা’ নামৰ ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ জীয়ৰী সুৰভি দাসে।একেখন দেশৰ বাসিন্দা হৈয়ো উত্তৰ-পূবৰ লোকসকলে দেশখনৰ বিভিন্ন প্ৰান্তত সন্মুখীন হোৱা বৰ্ণ বৈষম্যক লৈ এই ধাৰাবাহিকখন নিৰ্মাণ কৰিছে।ধাৰাবাহিকখনৰ কাহিনীৰ মূল পটভূমি উত্তৰ-পূৰ্বাঞ্চলৰ ছিক্কিম। ছিক্কিমৰ পৰা নিমা ডেংজুনপা নামৰ যুৱতীগৰাকীয়ে মুম্বাইলৈ গৈ উত্তৰ-পূৰ্বাঞ্চলৰ বুলি কি পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় সেই কাহিনীক লৈ নিৰ্মিত হৈছে এই ধাৰাবাহিকখন।নিমা ডেংজুনপা’ ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰ নিমাৰ ভূমিকাত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুৰভি দাসে। ‘নিমা ডেংজুনপা ‘ ধাৰাবাহিকখন কালাৰ্চ চেনেলৰ লগতে অ’টিটি প্লেটফৰ্ম ভুটত সম্প্ৰচাৰ হ’ব। পেনিনচুলা পিকচাৰ্ছৰ বেনাৰত প্ৰযোজিত হৈছে এই ধাৰাবাহিকখন। হিন্দী দূৰদৰ্শনত সুৰভিৰ এইখন প্ৰথম ধাৰাবাহিক।তেওঁ ইতিমধ্যে অসমীয়া ধাৰাবাহিক ‘পৰিণীতা’ত অভিনয় কৰি খ্যাতি অৰ্জন কৰিছে।ইতিমধ্যে ‘নিমা ডেংজুনপা’ ধাৰাবাহিকখনৰ Promo কালাৰ্চে মুকলি কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *