sangbad lahar logo

কাজিৰঙাত পিতৃৰ কুঠাৰৰ ঘাপত প্ৰাণ গ’ল পুত্ৰৰ।

পুত্ৰক হত্যা কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পন অভিযুক্ত পিতৃৰ ৷কাজিৰঙাৰ ১নং শিলডুবিত মঙলবাৰে নিশা সংঘটিত হয় এই ঘটনা ৷

নিশাৰ ভাগতে ধীৰু গোৱালা নামৰ লোকজনে পুত্ৰ ঔম প্ৰকাশ গোৱালাক নিজ ঘৰতে কুঠাৰেৰে ঘপিয়াই হত্যা কৰে যদিও পুৱা পলমকৈহে স্থানীয় লোকে ঘটনাৰ সম্ভেদ লাভ কৰে ৷ আনহাতে পিতৃ ধীৰু গোৱালাই পুৱা কহঁৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে ৷ ঘৰুৱা কন্দলৰ বাবে এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷

Related Articles