sangbad lahar logo

এতিয়াৰে পৰা ৰাজ্যৰ গ্ৰাহকে প্ৰতিমাহে প্ৰতি কিলোৱাট / কেভিড ফিক্সড চাৰ্জ হিচাপে অতিৰিক্ত ১০ টকাকৈ ভৰিব লাগিব ।

ৰাজহ  বৃদ্ধিৰ স্বাৰ্থত অসম বিদ্যুৎ বিতৰণ কোম্পানীৰ এক প্ৰস্তাৱৰ ভিত্তিত অসম বিদ্যুৎ নিয়ামক আয়োগে ফিক্সড চাৰ্জ ১০ টকাকৈ বৃদ্ধিত অনুমোদন জনাইছে । বৃহস্পতিবাৰে জাৰি কৰা এক জাননী অনুসৰি আয়োগে এপিজিচিএল , এইজিচিএল আৰু এপিডিচিএলৰ বিদ্যুৎ নিৰিখ অহা ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধন কৰে । এপিডিচিএলে ফিক্সড চাৰ্জ কেডব্লিউ আৰু কেভিত ১৫ৰ পৰা ৭৫ টকা বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল । কোম্পানীটোৱে বিভিন্ন শ্ৰেণীৰ গ্ৰাহক সকলৰ বাবে প্ৰযোজ্য হৈ থকা এফ পি পি পি চাৰ্জকে ধৰি এনাৰ্জি চাৰ্জ প্ৰতি ইউনিট ১ টকাৰ পৰা ৩ টকা পৰ্যন্ত  বঢ়োৱাৰ প্ৰস্তাৱ দিছিল । তাৰ পৰিৱৰ্তে নিয়ামক আয়োগে ২০২২-২৩ বিত্তীয় বৰ্ষৰ তুলনাত ২০২৩-২৪ চনৰ নিৰিখ প্ৰায় ১.২ শতাংশ হ্ৰাস কৰাৰহে অনুমোদন জনাইছে । নিয়ামক আয়োগে সকলো শ্ৰেণীৰ এনাৰ্জি চাৰ্জ ১০ ৰ পৰা ২০ পইচা পৰ্যন্ত হ্ৰাস কৰিছে । কিন্তু সামগ্ৰিক ৰাজহ প্ৰয়োজনৰ স্বাৰ্থত সকলো শ্ৰেণীৰ গ্ৰাহকৰ পৰা ফিক্সড চাৰ্জ ১০ টকাকৈ বৃদ্ধিত অনুমোদন জনাইছে ।

Related Articles