sangbad lahar logo

আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱত অন্তৰ্ভুক্ত সোণাপুৰৰ যুৱক আৰফান আলীৰ পৰিচালনাৰে নিৰ্মিত চুটি ছবি “স্বীকৃতি”  ।

যোৱা ২৫-২৬ মাৰ্চত কলকাতাত অনুষ্ঠিত হোৱা NIRI 9 ত আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱত মুঠ ৩ তা বিভাগত প্ৰতিযোগিতা অনুষ্ঠিত হয় । পূৰ্ণদৈৰ্ঘ্য ছবি, চুটি ছবি আৰু দ’কোমেণ্টৰী । উক্ত প্ৰতিযোগিতাত বিশ্বৰ বিভিন্ন দেশৰ পৰা অহা ১৩০ খন ছবিৰ ভিতৰত মুঠ ২০ খন চুটি ছবিয়ে মহোৎসৱত পৰিৱেশন কৰিবলৈ official selection  পাইছিল । তাৰে ভিতৰত সোণাপুৰৰ যুৱক আৰফান আলীৰ পৰিচালনাৰে নিৰ্মিত চুটি ছবিৰ স্বীকৃতিয়ে স্থান পাবলৈ সক্ষম হৈছিল । সেই ২০ খনৰ ভিতৰত স্বীকৃতিপ্ৰাপ্ত চুটি ছবি খনেও এটা শিতানত বঁটা পাবলৈ সক্ষম হৈ সোণাপুৰলৈ সুনাম কঢ়িয়াই আনে । উক্ত ছবি খনত মূল চৰিত্ৰটিত অভিনয় কৰে বাপুকণ চৌধুৰীয়ে । প্ৰযোজনা নুৰ আহমেদ লস্কৰ, চিত্ৰনাট্য, সংলাপ চফীসুৰ ৰহমানৰ । পৰিচালক আৰফান আলীয়ে নিজ দলটিক ধন্যবাদ জনাই আৰু কয় যে আগন্তুক সময়ত তেওঁ আৰু ছবি নিৰ্মাণ কৰি যাব ।

Related Articles