sangbad lahar logo

আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ।

ডিজিটেল ডেস্ক,,, আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী , ভগৱান বিষ্ণুৰ শ্ৰেষ্ঠ অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মদিন ।
ভাদ মাহৰ ৰোহিনী আৰু অষ্টমী সংযোগী তিথিৰ মধ্য ৰাতি কংসৰ কাৰাগাৰত জন্ম হৈছিল ভগবান শ্ৰীকৃষ্ণৰ।
আজিৰ দিনটোতে পৰিছে ভাদ মাহৰ ৰোহিনী আৰু অষ্টমী সংযোগী তিথি ।
বাসুদেৱৰ ঔৰসত আৰু দৈৱকীৰ গৰ্ভত জন্ম গ্রহণ কৰা কৃষ্ণই পৰৱৰ্তী সময়ত দুষ্টক দমন , আৰু শান্তক পালন কৰি প্ৰতিষ্ঠা কৰিছিল ধৰ্মৰ।
কৃষ্ণ জন্মৰ এই পৱিত্ৰ দিনটোকে জন্মাষ্টমী হিচাপে প্ৰতিবছৰে পালন কৰি আহিছে দেশবাসীয়ে ।
এইবেলিয়ো কৰোনাতংকৰ মাজতে অনস্তুপীয়াকৈ দেশৰ প্ৰান্তে প্ৰান্তে উলহ মালহেৰে আয়োজন কৰা পৰিলক্ষিত হৈছে ।
কৃষ্ণৰ বন্দনাৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততঃ হৰি ধ্বনিৰে মুখৰিত হ’ব আজি।
কৃষ্ণৰ জীৱনৰ নাটকীয় উপস্থাপন ৰাস লীলা মথুৰা , বৃন্দাবন , মণিপুৰ আদি ঠাইত এই উৎসৱৰ লগতে কৰা হয় । ৰাস লীলাত কৃষ্ণৰ ডেকা বয়সৰ কৰ্ম-কাণ্ড দেখুওৱা হয় , আনহাতে Dahi Handi প্ৰথাত কৃষ্ণৰ দুষ্ট স্বভাৱ প্ৰতিফলিত কৰা হয় য’ত কেইবাজনো ল’ৰা মিলি ওখ ঠাইত বান্ধি থোৱা মাখনৰ টেকেলী ভাঙিবলৈ চেষ্টা কৰে । এই পৰম্পৰাক তামিলনাডুত উৰিয়াদি নামৰে পালন কৰা হয় । কৃষ্ণৰ জন্ম হওঁতে নন্দই সকলোকে উপহাৰ বিলোৱাৰ কাহিনী উদ্‌যাপন কৰিবলৈ কৃষ্ণ জন্মাষ্টমীৰ পাছত বহু ঠাইত নন্দোৎসৱ পালন কৰা হয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *