sangbad lahar logo

আজি বন্ধন বেংকৰ পঞ্চম বৰ্ষপূৰ্তি

গুৱাহাটী/ ডিজিটেল ডেস্ক/২২ আগষ্টঃ– ভাৰতৰ সবাতোকৈ নতুন সাৰ্বজনীন বেংক বন্ধন বেংকে সমাজৰ বেংকিং সেৱাৰ পৰা বঞ্চিত আৰু সেৱা লাভ নকৰাসকলৰ প্ৰয়োজন পূৰণ কৰি কাইলৈ ২৩ আগষ্টত সাফল্যৰ সৈতে ৫ বছৰ সম্পূৰ্ণ কৰিব । ভাৰতৰ গ্ৰাম্য আৰু উপ-নগৰীয় এলেকাৰ তলৰ পৰা ওপৰলৈ সকলোৰে বিত্তীয় প্ৰয়োজন পূৰণ কৰা বন্ধন গ্ৰুপক ২০১৫ চনৰ জুন মাহত সাৰ্বজনীন বেংক স্থাপন কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)য়ে চূড়ান্ত অনুমোদন প্ৰদান কৰিছিল। প্ৰায় দুই দশক পৰ্যন্ত বন্ধনে সময়মাফিক ক্ষুদ্ৰ ঋণৰ জৰিয়তে ভাৰতৰ অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলক ধন ধাৰে দিয়া একাংশ লোকৰ কবলৰ পৰা উদ্ধাৰ কৰি দেশৰ অৰ্থনীতি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। লগতে ই উপভোক্তাসকলৰ মাজত বিত্তীয় সঞ্চয়ৰ অভ্যাস গঢ়ি তোলাৰ লগতে ঋণ লওঁতাসকলৰ সূতৰ হাৰ নিম্নগামী কৰিবলৈ বেংকটোক সুবিধা প্ৰদান কৰিছে।বেংক হিচাপে পৰিগনিত হোৱাৰ পিছত বন্ধন বেংক ৪,৫৫৯ টা বেংকিং আউটলেট আৰু ৪৮৫ টা এ টি এমৰ জৰিয়তে ভাৰতৰ ৩৪ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিভিন্ন চুকে-কোণে নিজৰ পৰিসেৱা দিবলৈ সক্ষম হৈছে। মুঠ প’ৰ্টফলিঅ’ৰ ৬৪ শতাংশ অংশীদাৰিত্ব থকা ক্ষুদ্ৰঋণ প্ৰদানৰ লগতে বেংকটোৱে ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগৰ প্ৰতি ঋণ (এম এছ এম ই), স্বৰ্ণঋণ তথা ব্যয়সাধ্য গৃহঋণ (২০১৯ চনৰ অক্টোবৰত বেংকটোৰ সৈতে গৃহ ফাইনেন্সৰ একত্ৰিকৰণৰ দ্বাৰা) আদিলৈয়ো কাৰ্যক্ষেত্ৰৰ পৰিবৰ্ধন ঘটাইছে ৷যোৱা পাচঁ বছৰত বেংকটো অন্যতম সংস্থাপন সৃষ্টি কৰা প্ৰতিষ্ঠান হিচাপে পৰিগনিত হৈছে ৷ এই সময়ছোৱাত ইয়াৰ কৰ্মচাৰীৰ সংখ্যা ১৩ হেজাৰৰ পৰা ৪২ হেজাৰলৈ বৃদ্ধি হৈছে ৷ পোনপটীয়া সংস্থাপনৰ লগতে বেংকটোৱে বহুতো পৰোক্ষ নিয়োগ সৃষ্টিতো সহায় কৰিছে। বেংকটোৰ পৰা ক্ষুদ্ৰঋণ লওঁতা ১.১২ কোটি লোকে কমেও এজন লোকক সংস্থাপন প্ৰদান কৰিছে, ফলত অতিৰিক্ত ১.১২ কোটি সংস্থাপনৰ সৃষ্টি হৈছে। ‘বিগত পাঁচ বছৰত বন্ধন বেংকে বেংকিং সেৱাৰ পৰা বঞ্চিত হৈ থকা কেবা নিযুত ভাৰতীয়ক মূলসূতিৰ বেংকিং সেৱাৰ সৈতে চামিল কৰাইছে। বেংকৰ ওপৰত প্ৰদৰ্শন কৰা আস্থা আৰু বিশ্বাসৰ বাবে মই প্ৰতিজন উপভোক্তাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কেৱল ধাৰেই নহয়, লগতে জীৱনজোৰা সঞ্চয় ইয়াত সাঁচি ৰখাৰ বাবেও ধন্যবাদ জনাইছোঁ।’- এইদৰে কয় বন্ধন বেংকৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰশেখৰ ঘোষে।
ভৱিষ্যতলৈ দৃষ্টিপাত কৰি বন্ধন বেংকে আত্মনিৰ্ভৰশীল তথা প্ৰাণোচ্ছল ভাৰতৰ বাবে অৰ্থনৈতিক মূল্য আৰু সংস্থাপন সৃষ্টিৰ বাবে গুৰুত্বপূৰ্ণ ইঞ্জিন এম এছ এম ই সমূহক সহায় কৰিবলৈ দায়বদ্ধ হৈছে। লগতে ক্ষুদ্ৰ উদ্যোগী হৈ চাহিদাৰ শৃংখলৰ শক্তিশালীকৰণৰ বাবে এই বেংকটোৱে ক্ষুদ্ৰ ঋণ লওঁতাসকলকো সহায় কৰিব। তেওঁলোকক বাণিজ্যৰ অনুজ্ঞাপত্ৰ লাভৰ উপৰি জি এছ টি আৰু কৰ আদায়তো সহযোগ কৰা হ’ব। যাতে তেওঁলোকে চৰকাৰী সুবিধাৰ উপযোগিতা লাভ কৰে।
লগতে এই বেংকটো মানৱীয় উন্নতিৰ বাবেও আগ্ৰহী, যাক অৰ্থনৈতিক উন্নতিৰ সমানে আগবঢ়াই নিয়াটো প্ৰয়োজন।বন্ধন বেংকৰ সহযোগী সংস্থা বন্ধন-কোন্নাগৰৰ ‘চি এছ আৰ’ কাৰ্যকৰী সংস্থাৰ দ্বাৰা শৈক্ষিক, স্বাস্থ্য, নিয়োগ সৃষ্টি আৰু অৰ্থনৈতিক স্বাক্ষৰতাকে ধৰি কাম অব্যাহত ৰখা হৈছে। এই সামাজিক কাৰ্যক্ৰমে দেশৰ ১২ খন ৰাজ্য তথা ১২ হাজাৰ ৯০০ খন গাঁৱৰ ২৫ লাখৰো বেছি হিতাধিকাৰীক স্পৰ্শ কৰিছে। সাৰ্বজনীন বেংক হিচাপে বিগত পাঁচ বছৰজুৰি বন্ধন বেংকে ‘আপকা ভালা, সবকী ভলাই’ শীৰ্ষক শ্লোগানেৰে কাম অব্যাহত ৰাখিছে । সংখ্যাৰ ভিত্তিত বিকাশ চাবলৈ গ’লে মন কৰিবলগীয়া বেংকটোৰ উপভোক্তা হৈছে ২.০৩ কোটি , সঞ্চয় ৬০ হাজাৰ ৬১০ কোটি (শূন্যৰ পৰা বেংক আৰম্ভ হোৱাৰ পিছত), ২০২০ চনৰ ৩০ জুন পৰ্যন্ত সম্পদৰ ভিত্তি হৈছে ৭৪ হাজাৰ ৩৩১ কোটি, চি এ এছ এ অনুপাত ৩৭ শতাংশৰো অধিক, মুঠ সঞ্চয়ৰ খুচুৰা অংশীদাৰিত্ব ৭৭.৭ শতাংশ ৷উল্লেখনীয় যে বন্ধন বেংকৰ উপ-নগৰীয় এলেকাত ৭১ শতাংশ বেংকিং আউটলেট আছে আৰু বৰ্তমান বন্ধন বেংকৰ কৰ্মচাৰীৰ সংখ্যা ৪২ হাজাৰ(২০২০ চনৰ ৩১ মাৰ্চলৈ)।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *