sangbad lahar logo

আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মী পূজা। ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধানৰে আজি মুখৰিত হ’ব ৰাজ্যৰ আকাশ-বতাহ।

আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মী পূজা। ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধানৰে আজি মুখৰিত হ’ব ৰাজ্যৰ আকাশ-বতাহ। আজি নিশা ঐশ্বৰ্য, বিভূতি, সুখ শান্তিদায়িনী দেৱী লক্ষ্মী দেৱীলৈ ভক্তিঅৰ্ঘ নিবেদন কৰিব ভক্তপ্ৰাণ ৰাইজে। দেৱী বন্দনাৰে আধ্যাত্মিক পৰিবেশ সূচনা হ’ব ৰাজ্যৰ প্ৰতিটো মন্দিৰ, দেৱালয় আৰু ৰাজহুৱা স্থানত।

ৰাজ্যৰ চৌপাশে প্ৰতিবছৰৰ দৰে এইবাৰো চলিছে লক্ষ্মী পূজাৰ পৰম্পৰাগত আয়োজন । পথাৰৰ ন-ধানৰ সোণগুটি ভঁৰালত প্ৰতিষ্ঠা কৰি প্ৰতিজন কৃষকে কামনা কৰিছে খেতিৰ শ্ৰীবৃদ্ধি। ভঁৰাল ঘৰত চাকি-বন্তি জ্বলাই চহা অসমীয়াই আঁদৰিৱ আই লক্ষ্মীক। বিভিন্ন অঞ্চলত নাম-প্ৰসংগ কৰিও কৃষকৰ ভঁৰাল চহকী কৰাৰ মানসেৰে কৃষক সমাজে সেঁৱা প্ৰাৰ্থনা কৰিছে।পুৰোহিতৰ মুখত ধ্বনিত হোৱা প্ৰণাম মন্ত্ৰৰে ধন-ঐশ্বৰ্যৰ দেৱীৰ পৰা আশীষ বিচাৰিব ভক্তসকলে।

পূৰ্ণিমাৰ সময়চোৱাত ভক্তসকলে দেৱীলৈ ষোড়শোপচাৰে আগবঢ়াব পূজা-অৰ্চনা। ধৰ্মীয় বিশ্বাস অনুসৰি লক্ষ্মী দেৱীৰ আশীৰ্বাদত অভাৱ-অনাটন, শোক-সন্তাপ, অপায়-অমগল, দুখ-অশান্তি দূৰ হয় আৰু ধন-জন, ঐশ্বৰ্য-বিভূতি, সুখ-শান্তিৰে উপচি পৰে ভক্তিৰ জীৱন। বৰ্তমান লক্ষ্মীপূজাক লৈ ৰাজ্যজুৰি বৈছে উছাহৰ ঢল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *