sangbad lahar logo

অৱশেষত বেদখলমুক্ত হ’ল চৰাইদেউৰ চুকাফা মৈদাম।

বেদখল উচ্ছেদ কৰিলে প্ৰশাসনে। চাওলুং চুকাফাৰ মৈদাম সংৰক্ষণৰ চিন্তা-চৰ্চা কৰা বুলি মন্তব্য সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ।

দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা বৰ অসমৰ স্ৰষ্টা স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদামটো অৱশেষত বেদখলমুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে প্ৰশাসনে। মন কৰিবলগীয়া যে ২০১৫ চনত বিভিন্ন আহোম পুথি, বুৰঞ্জীবিদ, টাই পণ্ডিত-গৱেষকৰ তথ্যৰ ভিত্তিত চুকাফাই উপাসনা কৰা লাংকুৰী দেওশালৰ উত্তৰ দিশত বিভিন্ন দল সংগঠনৰ সহযোগত চাৰিটা মৈদাম উদ্ধাৰ কৰা হয়। ইয়াৰে প্ৰথমটো স্বৰ্গদেউ চাওলুং চুকাফাৰ আৰু আন কেইটা ক্ৰমে চুটেউফা, চুবিনফা আৰু চুখামফাৰ মৈদাম বুলি ঠাৱৰ কৰে বুৰঞ্জীবিদসকলে।

বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ তৎপৰতাত মৈদামৰ মাটি দখলমুক্ত কৰাৰ লগতে সম্প্ৰতি সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ চিন্তা চৰ্চা কৰা বুলি জানিব পৰা গৈছে।

Related Articles