sangbad lahar logo

অসমৰ পিছপৰা অঞ্চলৰ শিক্ষাৰ্থীলৈ বন্ধন বেংকে কঢ়িয়াইছে সুখবৰ।

ৰাজ্যৰ পিছপৰা অঞ্চল সমূহত বন্ধনে স্থাপন কৰিছে এতিয়া শিক্ষাকেন্দ্ৰ। ৰাইজে আগ্ৰহেৰে আদৰি লৈছে বন্ধন শিক্ষাকেন্দ্ৰক। অসমৰ ১০ খনকৈ জিলাত বন্ধনৰ শৈক্ষিক বিপ্লৱ। বন্ধন মাথো এতিয়া এটা বেংক নহয়,সংস্কাৰমূখী আন্দোলনৰ নাম হৈ পৰিছে বন্ধন বেংক। অনগ্ৰসৰ অঞ্চলত শিক্ষাৰ পোহৰ বিলাইছে এতিয়া বন্ধন বেংকে।গ্ৰামাঞ্চলৰ শিশুক জ্ঞানৰ পোহৰ বিলোৱাৰ প্ৰয়াস বন্ধনৰ। দেশৰ ৫খন ৰাজ্যত ২২০৪ খন শিক্ষাকেন্দ্ৰ আছে বন্ধন বেংকৰ। ৬৬৮৮৩ জন ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিছে বিনামূলীয়া শিক্ষা। দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়াইছে বিনামূলীয়া শিক্ষা। বন্ধনৰ সহযোগী সংস্থা বন্ধন কন্নগৰৰ জৰিয়তে অসমতো শৈক্ষিক বিপ্লৱ বন্ধন বেংকৰ। প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ বিনামূলীয়া কিতাপ- বহী ছবি অকা কাগজ,কলম- ৰবৰ ,ৰং যোগান।বন্ধনৰ Kg ৰ পৰা তৃতীয়মানলৈ বিনামূলীয়া শিক্ষা আগবঢ়াইছে বন্ধনে। অসমত বন্ধনৰ শিক্ষাকেন্দ্ৰৰ সংখ্যা-৩৭০ খন।বৰ্তমান ১১১০০জনী শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আছে অসমত। অসমৰ ১০ খন জিলাত ৩৭০ খন শিক্ষাকেন্দ্ৰ আছে বন্ধনৰ। দেশৰ অনগ্ৰসৰ শিশু তথা মহিলাৰ সাৰথি হৈ পৰিছে এতিয়া বন্ধন বেংক। অসমৰ শৈক্ষিক দিশত বন্ধনৰ এই জয়যাত্ৰা। বন্ধনে বেংকিং সেৱাৰ সমান্তৰালকৈ কৰি গৈছে বিভিন্ন উন্নয়নমূলক কাম। বিভিন্ন সামাজিক কাম-কাজৰ ভিতৰত বন্ধন শিক্ষামূকল আচঁনি হৈ পৰিছে অন্যতম। বন্ধনে বেংকিং সেৱাৰ লগতে মনোনিবেশ কৰিছে এতিয়া মানৱ সম্পদ গঢ়াত ।

Related Articles