sangbad lahar logo

অসমীয়াই কোনো কালেই পাহৰিব নোৱাৰা যোদ্ধাজন।

ডিজিটেল ডেস্ক,১২চেপ্টেম্বৰ: ১৮৯৫ চনৰ ১৫ ছেপ্টেম্বৰত বৰপেটাৰ শিলা গাঁৱত জন্মগ্ৰহণ কৰিছিল শিল্পী , সৈনিক ব্ৰজনাথ শৰ্মাই ।অসমৰ জাতীয় জীৱনৰ এটা পাহৰিব নোৱৰা নাম তেওঁ । এগৰাকী সৈনিক হিচাপে ব্ৰজনাথে স্বাধীনতা আন্দোলনত স্বদেশৰ বাবে লোৱা ভূমিকাৰ কথা বৰ্তমান ইতিহাসৰ এটি স্বৰ্ণিল অধ্যায় ।
বিপ্লৱৰ নিচান উৰুৱাই ব্ৰিটিছৰ নিদ্ৰাহৰণ কৰা ‘বজ্ৰ ওস্তাদ’ৰ জীৱনটোও আছিল সংগ্ৰামৰেই যেন এক নাম । নানা ঘাত-প্ৰতিঘাতৰ মাজতো কেতিয়াও থমকি নোৰোৱা এটা অপৰাজেয় সত্ত্বা আছিল ব্ৰজ শৰ্মা ।
একাধাৰে সুদক্ষ অভিনেতা, নাট্যকাৰ আৰু অসমৰ ভ্ৰাম্যমাণ নাটকৰ জনক আছিল তেওঁ । ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনত সৰভোগৰ বেঁকী নৈৰ পাৰত থকা ব্ৰিটিছৰ সামৰিক ঘাটি নিশাৰ ভিতৰতে জ্বলাই দি ইংৰাজৰ প্ৰভুত্বকো প্ৰত্যাহ্বান জনাইছিল ব্ৰজনাথ শৰ্মাই ।
এইজন বীৰেই এসময়ত বৰনগৰৰ এদল দুৰন্ত সহযোদ্ধাক লগত লৈ অসীম সাহসেৰে, সুপৰিকল্পিতভাৱে বিমান ঘাটি জ্বলাই দি বৰনগৰত স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এক বীৰগাঁথাৰ সংযোজন ঘটাইছিল ।
১৯৬০ চনৰ ১২ ছেপ্টেম্বৰত অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মাই ইহঃ সংসাৰ ত্যাগ কৰে । এক আপোচহীন সংগ্ৰামী সত্ত্বাই জীৱনৰ শেষ মুহূৰ্তলৈকে কোনো প্ৰলোভনৰ ওচৰত হাৰ মনা নাছিল ।
আজি এই সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ মৃত্যু তিথিত। এই দিনটোত বিপ্লৱী শিল্পীগৰাকীলৈ আমাৰ ফালৰ পৰা যাচিলোঁ একাঁজলি শ্ৰদ্ধাঞ্জলি ।

Related Articles

1 Comment

  • fluessnet , November 25, 2022 @ 2:41 am

    cialis 10mg Traumatic Brain Injury TBI Definition, Epidemiology, Pathophysiology

Leave a Reply

Your email address will not be published. Required fields are marked *