sangbad lahar logo

অসমত বন্ধন বেংকৰ পুনৰ তিনিটাকৈ শাখা মুকলি

ডিজিটেল ডেস্ক/সংবাদ লহৰ , ২৪ আগষ্টঃ– দেশৰ গ্ৰাম্য অৰ্থনীতিত বন্ধন বেংকে এক যোগাত্মক অৰিহণা যোগাই আহিছে৷ ৰাইজৰ মাজত বন্ধন বেংক অতি জনপ্ৰিয়৷ গাঁওঁ-চহৰ সকলোতে বন্ধন বেংক অতি পৰিচিত নাম ৷প্ৰায় প্ৰতিটো পৰিয়ালত থিতাপি লৈছে বন্ধন বেংকে৷” আজি বাইহাটা চাৰিআলিত বন্ধন বেংকৰ ৭৭নং শাখাটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি বাইহাটা চাৰিআলি ব্যৱসায়ী সন্থাৰ সভাপতি জ্ঞাননাথ চৌধুৰীয়ে এই মন্তব্য কৰে৷ তেওঁ আৰু লগতে কয় যে বেংকৰ কৰ্মচাৰী আৰু গ্ৰাহকসকল এটা পৰিয়ালৰ দৰে হ’ব লাগে৷ তেতিয়াহে উভয়ৰে মংগল হয়৷ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমোদন সাপেক্ষে বন্ধন বেংকৰ বাইহাটা চাৰিআলি শাখাটোৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰি ৮১নং আগদলা গাওঁ পঞ্চায়তৰ সভাপতি তিলক কুমাৰ শৰ্মাই কয় যে বন্ধনে বেংকে কাম-কাজ সুচাৰুৰূপে চলাই নিয়াৰ উপৰি সমাজৰ আৰ্থিকভাৱে পিচপৰি থকা মহিলাসকলক আগবঢ়াই নিয়াৰ বাবে যি যি পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া অতিকৈ প্ৰশংসনীয়৷ বাইহাটা চাৰিআলি অঞ্চলৰ ৰাইজৰ বহুদিনীয়া আশা এটা আজি পূৰণ হ’ল ৷ কাৰন গোৰেশ্বৰ, মুক্তাপুৰ, মদনপুৰ এই বিশাল অঞ্চলৰ গ্ৰাহকে নিতৌ টকা-পইচা লেনদেন তথা ঋণৰ বাবে কেন্দুকোণা বেংক শাখালৈ আহিব লগাত পৰিছিল৷ যাৰ বাবে গ্ৰাহকসকলে বহু সমস্যাৰ সন্মুখীন হৈছিল৷ এতিয়া সেই সমস্যাৰ অন্ত পৰিল৷ এই অঞ্চলৰ মহিলাসকলেও যাতে ক্ষুদ্ৰ ক্ষুদ্ৰ ঋণ গ্ৰহন কৰি পুৰুষৰ সমানে আৰ্থিকভাৱে স্বাবলম্বী হ’ব পাৰে তাৰ বাবে বন্ধনক সহায় আগবঢ়াবলৈ আহ্বান জনায় তেওঁ৷ উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকি বন্ধন বেংকৰ জনসম্পৰ্কৰক্ষী বিষয়া অজয় কুমাৰ শীলে বন্ধন বেংকৰ সফলতাৰ খতিয়ান দাঙি ধৰে৷ তেওঁ কয় যে বন্ধন বেংকে যোৱা পাঁচ বছৰত ২৯ হাজাৰ শিক্ষিত নিৱনুৱাক সংস্থাপন দিবলৈ সক্ষম হৈছে৷ উদ্বোধনী অনুষ্ঠানটোত বাইহাটা চাৰিআলি ব্যৱসায়ী সন্থাৰ সদস্য গীৰিশ কুমাৰ শৰ্মা, কাৰ্যবাহী সদস্য আনছাৰ হুছেইন, গৃহৰ গৰাকী অশ্বিনী কুমাৰ ডেকা ডেকা, বন্ধন বেংকৰ ক্লাষ্টাৰ হেড অভয় কুমাৰ, আ ও এম আৰাফৎ উল্লাহ শাখা পৰিচালক দেৱাশীষ দেবনাথ ,ঝুলন দাস, গ্ৰাহক সম্পৰ্কৰক্ষী বিষয়া ধীৰাজ কলিতা, হিমাশ্ৰী কলিতা আৰু আব্দুল মালিক আদি উপস্থিত থাকে৷
ইফালে, দৰং জিলাৰ ছিপাঝাৰত বন্ধন বেংকৰ অসমৰ ৭৮নং শাখাটোও উদ্বোধন কৰা হয়৷ উদ্বোধন কৰে ছিপাঝাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মণিকা বৰগোহাঞিয়ে৷ বন্তি প্ৰজ্বলন কৰে ঘোঁৰাবন্ধা গাঁঁও পঞ্চায়তৰ সভাপতি হীৰকজ্যোতি নাথে৷ আনহাতে কামৰূপ জিলাৰ ছয়গাঁৱতো বন্ধন বেংকৰ ৭৯নং শাখা আজি উদ্বোধন কৰা হয়৷ শাখাটো উদ্বোধন কৰে ইক”নোমিক্স এণ্ড ষ্টেটিক্সৰ যুটীয়া সঞ্চালক দীনেশ কলিতাই৷ ছয়গাঁও গাঁও পঞ্চায়তৰ সভাপতি খগেন নাথে বন্তি প্ৰজ্বলন কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *