sangbad lahar logo

অসমত গো ধনৰ সৰবৰাহৰ ফলত ভয়ংকৰ দুৰ্ঘটনা

চতিয়া আৰক্ষী থানাৰ সমিপত  গৰুভৰ্তি ট্ৰাকে খুন্দা মাৰে বলে’ৰ পিকআপ গাড়ীত । চতিয়া আৰক্ষী থানাৰ সমিপত গৰু ভৰ্তি ট্ৰাকে আৰক্ষী তহলদাৰি দলক দেখি নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈ  কেইবাটাও গৰুৰ মৃত্যু  হয় । গো ধনৰ অবৈধ সৰবৰাহ বন্ধ কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছে যদিও গো ধন সৰবৰাহ চলিয়েই আছে অসমত । দেওবাৰে পুৱতি নিশা চতিয়া আৰক্ষী থানাৰ সমিপতে মৰনৈ নদীৰ দলংৰ ওপৰত বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰৰ অভিমুখে আহি থকা NL01 AD 5839 নম্বৰৰ গৰু ভৰ্তি ট্ৰাকে একে দিশৰ পৰা আহি থকা AS12 BC 7421 ব’লেৰু পিক‌আপ গাড়ীৰ প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ।  এই দুৰ্ঘটনা গাড়ীত থকা ২১টা গৰুৰ তিনিটা গৰুৰ থিতাতে মৃত্যু হয় আৰু কেইবাটাও গৰু গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে । অতি নিদাৰুণ ভাৱে গৰু সমূহ ইটোৰ গাত সিটো বান্ধি অনা হৈছিল । এই গৰু ভৰ্তি ট্ৰাকখনে বান্দৰদেৱাৰ পৰা গৰু লৈ আনিছিল তেজপুৰলৈ । চতিয়া আৰক্ষী থানাৰ সমিপত চতিয়া আৰক্ষীৰ তহলদাৰি আৰক্ষীক দেখি নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনে বলেৰ’ গাড়ীখনত খুন্দা মৰাত ট্ৰাক হেলনীয়া হৈ পৰে । আৰক্ষীয়ে প্ৰথম অৱস্থাত গৰু ভৰ্তি গাড়ী বুলি অনুমান কৰিব পৰা নাছিল যদিও পাছতে ওলাল গোমৰ ফাক । গৰু গাড়ীখনৰ চালকসহ দুজনক গ্ৰেপ্তাৰ কৰিছে । এতিয়া প্ৰশ্ন হয় বান্দৰদেৱাৰ পৰা বহুকেইজন আৰক্ষী থানা পাৰহৈ চতিয়া পালেহি কেনেকৈ ? গৰু ভৰ্তি গাড়ীখন একাংশ আৰক্ষীৰে গৰু সৰবৰাহকাৰীৰ লগত আছে নেকি মিতিৰালি  ?  চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল জ্যোতি শ‌ইকীয়াই নিশাৰ ভাগত নিতৌ চতিয়াত নাকা চেকিং আৰু আৰক্ষীৰ তহলদাৰি দলক সক্ৰিয় কৰি ৰখাৰ ফলতেই চতিয়াত এই চোৰাং গৰু ভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ আগতেও চতিয়া আৰক্ষীয়ে কেইবাখনো গৰু ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে ।

Related Articles