Skip to content
ৱেবিনাৰৰ জৰিয়তে সদৌ অসম কবি সন্মিলনৰ ৰাষ্ট্ৰীয় কবি সন্মিলন “কাব্যৰজনী- ৫” সম্পন্ন
Home - Local News - ৱেবিনাৰৰ জৰিয়তে সদৌ অসম কবি সন্মিলনৰ ৰাষ্ট্ৰীয় কবি সন্মিলন “কাব্যৰজনী- ৫” সম্পন্ন
ডিজিটেল ডেস্ক , সংবাদ লহৰ– ২০ ছেপ্টেম্বৰ ২০২০ঃ কৰ’ণা অতিমাৰীৰ সংকট কালত সদৌ অসম কবি সন্মিলনে নব্য সামাজিক মাধ্যমৰ জৰিয়তে সম্পন্ন কৰি অহা এক অন্যতম আকৰ্ষণীয় অনুষ্ঠান হৈছে ৰাষ্ট্ৰীয় কবি সন্মিলন “কাব্যৰজনী” । যোৱা ১৯ আগষ্ট, ২০২০ তাৰিখে ড° উৎপল নাথ, আইমণি শৰ্মা, তুফেল জিলানী আৰু দিগন্ত ভাজনীৰ সুব্যৱস্থাপনাত অনুষ্ঠিত “কাব্যৰজনী-৫” ৰ মধ্যমণি আছিল হৰ্ষদ ত্ৰিবেদী (গুজৰাট), ড° অলকা ত্যাগী (দিল্লী),ড° ৰেণুকা শ্ৰীবাস্তৱ (ৰাজস্থান), গৌদালুপে এলমাইদি ডায়েছ (গোৱা) আৰু অসমৰ বিশিষ্ট কবি পূণ্য দেৱী । মদিৰা শইকীয়া ভূঞা আৰু পৱন শৰ্মাৰ কাৰিকৰী নিৰ্দেশনা আৰু ড° উৎপল নাথ আৰু আইমণি শৰ্মাৰ যৌথ পৰিচালনাৰে অনুষ্ঠিত হোৱা কাব্যনুষ্ঠানটিত আদৰণি ভাষণ আগবঢ়ায় সদৌ অসম কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়াই আৰু শুভেচ্ছামূলক ভাষণ আগবঢ়ায় প্ৰধান সম্পাদক উজ্জ্বল পাওগামে । অনুষ্ঠানৰ আৰম্ভণিতে ব্যৱস্থাপক মণ্ডলীয়ে আটাইকেইগৰাকী বিশিষ্ট কবিৰ চমু পৰিচয় দাঙি ধৰে । ইয়াৰ পাছতেই প্ৰতিগৰাকী কবিয়ে দুটাকৈ কবিতা পাঠ কৰি কাব্যনুষ্ঠানটি জীপাল কৰি তুলে । উল্লেখযোগ্য যে দিল্লীৰ কবি ড° অলকা ত্যাগীৰ কবিতাই দৰ্শক-শ্ৰোতাক বিশেষভাৱে আপ্লুত কৰে । বিশিষ্ট কবিগৰাকীৰ সৈতে হোৱা অন্তৰংগ আলাপত ড° ত্যাগীয়ে কয়- “কবিতা সমাজ আৰু মানুহৰ বাবে হ’ব লাগিব । মানুহৰ বাবেই যদি কবিতা নহয়, তেন্তে কবিতা লিখাৰ কোনো অৰ্থই নাই ।” আইমণি শৰ্মাই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠনটি সদৌ অসম কবি সন্মিলনৰ কাব্য মন্ত্ৰৰে নিশা ১০ বজাত সামৰণি পৰে । সংযোজনঃ ইতিমধ্যে “কাব্যৰজনী”ৰ পূৰ্বৰ অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কবিসকল হ’ল ক্ৰমে নিৰ্মল বিক্ৰম (জম্মু-কাশ্মীৰ), কেশৱ মোহন পাণ্ডে (নতুন দিল্লী), সমীৰ গোৱেল (উত্তৰ প্ৰদেশ), আয়াশকান্ত মহাপাত্ৰ (উৰিষ্যা), অলোক সাহা (পশ্চিম বংগ), ড° বিজয় শংকৰ বৰ্মন (অসম), বিভুদত্ত চাহু (ভুৱনেশ্বৰ), সাৰণ্যা ফ্ৰান্সিছ (বাঙ্গালুৰু), অন্বেষা ছিংবাল (গোৱা), গংগামোহন মিলি (অসম), ডাঃ জেবা ৰছিদ (ৰাজস্থান), ৰাসবিহাৰী গিৰি (পশ্চিম বংগ), প্ৰকাশ গৌতম (নেপাল), টিটু পাণ্ডা (উৰিষ্যা), তুলিকা চেতিয়া য়েইন (অসম), অতুল কুমাৰ প্ৰভাকৰ (দিল্লী), লইটঙৰম ইবাগমচা (মণিপুৰ), সবিতা সিনহা (ত্ৰিপুৰা), ড° যমুনা বিনি (অৰুণাচল), ড° থিয়েইচিনু কদিটচু (নাগালেণ্ড) আৰু নিবেদন দাস পাটোৱাৰী (অসম)কে ধৰি বিগত পাঁচোটা খণ্ডত ভিন্ন ৰাজ্যৰ সৰ্বমুঠ ২৬ গৰাকী বিশিষ্ট কবিয়ে অংশগ্ৰহণ কৰে বুলি প্ৰচাৰ সম্পাদৰ হেমন্ত ভাৰতী আৰু বিশাল অনুৰাগে জানিবলৈ দিছে ।