sangbad lahar logo

ৰৌতাত গাঞ্জাসহ এজনক আটক…

বৃহস্পতিবাৰে সন্ধিয়া ৰৌতা আৰক্ষীৰ জালত পৰে গাঞ্জাসহ এজন সৰবৰাহকাৰী। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ওদালগুৰি জিলাৰ ৰৌতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মলয় কুমাৰ আচাৰ্যীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলাই ১০ কেজি গাঞ্জাসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা গাঞ্জা সৰবৰাহকাৰীজন হৈছে ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ৪ নম্বৰ মাজুলী গাওঁৰ চেমলা দৈমাৰী(৪০),
লোকজনৰ পৰা আৰক্ষীয়ে দুখনকৈ মোনাত কঢ়িয়াই অনা ১০ কিল’গ্ৰাম গাঞ্জা, এএছ১২ডি৭০৬৬ নম্বৰৰ মটৰচাইকেল আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ২০(b)(ii)(b) NDPS আইনৰ অধীনত ৰৌতা আৰক্ষী থানাত ১৬৯/২১ নম্বৰত এক গোচৰ ৰুজু কৰা হয়। গ্ৰেপ্তাৰ হোৱা লোকজনক আৰক্ষীয়ে আজি আদালতত হাজিৰ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *