sangbad lahar logo

ৰূপহীহাটত ড্ৰাগছ মাফিয়াৰ সন্ত্ৰাস  । ড্ৰাগছ মাফিয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত ড্ৰাগছ বিৰোধী কমিটিৰ সম্পাদক । ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে সহস্ৰাধিক লোকৰ ৰূপহীহাট আৰক্ষী থানা ঘেৰাও ।

 ড্ৰাগছ মাফিয়াই আক্ৰমণ কৰি গুৰুত্বৰভাৱে আহত কৰে গুনাবাড়িৰ ড্ৰাগছ বিৰোধী কমিটিৰ সম্পাদক মজিবুৰ ৰহমান খানক ।

এই আক্ৰমণৰ পিছতেই ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ওলাই আহিল সহস্ৰাধিক লোক ।

ড্ৰাগছ মাফিয়াক কৰায়ত্ব কৰি উচিত শাস্তিৰ দাবী তুলি থানা ঘেৰাও কাৰ্যসূচী ৰূপায়ণ উত্তেজিত ৰাইজৰ ।

কিছুদিন পূৰ্বে ড্ৰাগছ বিৰোধী সভা অনুষ্ঠিত কৰি গঠন কৰিছিল ড্ৰাগছ বিৰোধী কমিটি আৰু তেতিয়াৰে পৰা বন্ধ হৈ পৰিছিল ড্ৰাগছ কিনা বেচা ।

১০-১৫ জনীয়া এটি ড্ৰাগছ মাফিয়াৰ দলে দলবদ্ধভাৱে আক্ৰমণ কৰে ড্ৰাগছ বিৰোধী কমিটিৰ সম্পাদক মজিবুৰ ৰহমান খান আৰু তেওঁৰ পত্নী মৰ্জিনা বেগমক ।

ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত জনতাই ঘেৰাও কৰে ৰূপহীহাট আৰক্ষী থানা । ৰূপহীহাট আৰক্ষীয়ে ন্যায় প্ৰদানৰ আশ্বাস দি উভতাই পঠিয়াই যদিও সম্প্ৰতি চেপা উত্তেজনা অব্যাহত ৰাখিছে সমগ্ৰ ৰূপাহীহাটত ।

Related Articles