sangbad lahar logo

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সভাপতিত্ব কৰিব ভাৰতে…..

চলিত মাহত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সভাপতিৰ দায়িত্ব পালন কৰিব ভাৰতে । নীতি অনুসৰি ফ্ৰান্সৰ পাছত ৰাষ্ট্ৰসংঘৰ সভাপতিৰ দায়িত্ব লাভ কৰিছে ভাৰতে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সভাপতিৰ দায়িত্ব পালন কৰিব বুলি চৰ্চা চলিছে কূটনৈতিক মহলত ।
সূত্ৰ অনুসৰি, সমুদ্ৰ নিৰাপত্তা আৰু সন্ত্ৰাস বিৰোধিতাৰ বিভিন্ন দিশক লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মঞ্চত সৰৱ নতুন দিল্লী । উপমহাদেশত নতুন দিল্লীৰ উদ্বেগসমূহ প্ৰকাশ কৰিব ছাউথ ব্লকে । ক’ভিড পৰিস্থিতিৰ বাবে এইবাৰৰ অধিকসংখ্যক বৈঠকেই ভিডিঅ’ কনফাৰেন্সিং যোগে অনুষ্ঠিত হ’ব ।
নিৰাপত্তা পৰিষদৰ পৰৱর্তী বৈঠক অনুষ্ঠিত হ’ব ৯ আগষ্টত । ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰাক্তন দূত ছৈয়দ আকবৰউদ্দিনে আজি পুৱা এটা টুইট কৰি জানায় যে, প্রধানমন্ত্রী মোদীয়ে এই বৈঠকৰ সভাপতিত্ব কৰিব পাৰে । আকবৰউদ্দিনে টুইটত আৰু জনায় যে, নিৰাপত্তা পৰিষদেৰ ৭৫ বছৰৰ ইতিহাসত এই প্রথমবাৰ ভাৰতৰ প্রধানমন্ত্রীৰ নেতৃত্বত বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ।
ইয়াৰ পূৰ্বে একাধিকবাৰ ৰাষ্ট্ৰসংঘৰ বৈঠক পৰিচালনাৰ দায়িত্ব ভাৰতে লাভ কৰিলেও সভাপতিত্ব কৰা নাই ভাৰতৰ কোনো প্রধানমন্ত্রীয়ে । ১৯৯২ত নিৰাপত্তা পৰিষদৰ বৈঠকত অংশ লৈছিল তৎকালীন প্রধানমন্ত্রী পিভি নৰসিং ৰাও। অৱশ্যে প্রাক্তন কূটনৈতিকে এই বিষয়ে টুইট কৰিলেও এই পর্যন্ত চৰকাৰীভাৱে ছাউথ ব্লকৰ তৰফৰ পৰা এই বিষয়ত একো জনোৱা নাই ।
১৫ জনীয়া সদস্যৰ নিৰাপত্তা পৰিষদত ভাৰত স্থায়ী সদস্য নহয় যদিও যথেষ্ট গুৰুত্বপূর্ণ সদস্য হিচাপে চিহ্নিত হৈ আহিছে । আন্তর্জাতিক নীতি নির্ধাৰণৰ ক্ষেত্রত বহুবাৰ ভূমিকা গ্ৰহণ কৰিছে ।
সভাপতিত্বৰ দায়িত্ব লাভ কৰাৰ পাছত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি টি এছ তিৰুমূৰ্তিয়ে কয়, ‘যিটো মাহত আমি আমাৰ ৭৫তম স্বাধীনতা দিৱস পালন কৰিম, সেই মাহতেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সভাপতিৰ দায়িত্ব লাভ কৰিলো । এইটো অতি গৰ্বৰ বিষয় ।’ তেওঁ কয়, ‘সমুদ্ৰ পথত নিৰাপত্তা নিশ্চিত কৰাটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয় । এই বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ঐকমত্য গঢ়ি তোলা অতি প্ৰয়োজনীয় ।’
দেশৰ বৈদেশিক মন্ত্ৰণালয়ে এক বিবৃতিৰ জৰিয়তে কয়, ‘আশা কৰো, নিৰাপত্তা পৰিষদৰ সভাপতিত্ব কৰাৰ সময়ত ভাৰতৰ সকলো নীতি-নিয়ম মানি চলা হয় ।’

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *