পৰকীয়া প্ৰেমৰ বাবে অৱয়স্ক অন্তস্বত্তা পত্নীক হত্যা কৰিলে পাষণ্ড স্বামীয়ে ৷ ৬ মাহ পুৰ্বে বকোৰ কলহীকাষ গাঁৱৰ আছিমুদ্দিনৰ ১৭ বছৰীয়া নাবালিকা ছাজিদা বেগমক প্ৰেমৰ ছলনা কৰি পলুৱাই নি বিবাহ পাতিছিল নতুন দেওচৰ গাঁৱৰ চান মিঞাৰ পুত্ৰ আকতাৰ হুছেইনে ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, মৃত ছাজিদা বেগম আছিল দুমহীয়া গৰ্ভৱতী ৷ বিয়াৰ পিছৰে পৰা লম্পট আকতাৰ হুছেইনে পত্নীক এৰি অন্য যুৱতীৰ সৈতে প্ৰেমত পৰিছিল আৰু প্ৰেমত বাধা হিচাপে থিয় দিছিল পত্নী ছাজিদা বেগমে ৷ তেতিয়াৰে পৰা পত্নী ছাজিদা বেগমক হত্যাৰ পৰিকল্পনা কৰিছিল লম্পট স্বামী আকতাৰ হুছেইনে ৷ অভিযোগ মতে বুধবাৰে দিনৰ ভাগত ছাজিদা বেগমক হত্যা কৰি ঘৰৰ পৰা পলাই গৈছিল আকতাৰ হুছেইনৰ পৰিয়ালটোৱে ৷ ছাজিদা বেগমৰ পৰিয়ালৰ লোকে বকো আৰক্ষীৰ সহযোগত মৃত অৱস্থাত উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ বকো আৰক্ষীয়ে ছাজিদা বেগমৰ পিতৃয়ে দাখিল কৰা এজাহাৰ মৰ্মে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ অতিশীঘ্ৰেই হত্যাকাৰী স্বামী আকতাৰ হুছেইনক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহিবলৈ পৰিয়ালৰ লোকে দাবী উত্থাপন কৰিছে ৷