

সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে মৰিগাঁও জিলা প্ৰশাসন, মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ যুটীয়া উদ্যোগত আৰু কৰ্কট ৰোগীসকলৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি অহা বেচৰকাৰী সংন্থা দ্বীপশিখা ফাউণ্ডেচনৰ সহযোগত আজি দিনৰ ১০ বজাত মৰিগাঁও তৰুণৰাম ফুকন খেল পথাৰৰ পৰা এটা সজাগতামুলক ৰেলী উলিওৱা হয়৷ইয়াৰ পিছতে তৰুণৰাম ফুকন খেল পথাৰত ধঁপাত ব্যৱহাৰৰ বিৰুদ্ধে এখন সজাগতা সভাৰ আয়োজন কৰা হয়৷সভাত বিশ্ব ধঁপাতবিৰোধী দিৱস উপলক্ষে অনুষ্ঠিত কৰা চিত্ৰাংকণ,প’ষ্টাৰ লিখন আৰু ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰসমুহ বিতৰণ কৰা হয়৷ আনহাতে উক্ত বিশ্ব ধঁপাতবিৰোধী দিৱসৰ কাৰ্য্যসচী উপস্থিত থাকে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস ,স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা° অৰুণ নাথ, জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ অধ্যক্ষা জয়া প্ৰভা বড়ো ,জিলা শিক্ষা বিষয়া অপুৰ্ব ঠাকুৰীয়াৰ লগতে জিলাখনৰ কেইবাটাও বিভাগৰ বিষয় ববীয়া আৰু বিভিন্ন বিদ্যালয়ৰৰ পৰা অহা ছাত্ৰছাত্ৰী সকলে অংশগ্ৰহণ কৰে ৷