ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী যুজত বিজয়ী হোৱা প্ৰাৰ্থী সকলক বিজয় উৎসৱ পালন নকৰিবলৈ আহ্বান জনোৱাৰ পিছতো দক্ষিণ কামৰূপৰ গৰৈমাৰীত দেখা গ’ল অৱতৰীয়া দিৱালী ।সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত দেশৰ সেনা-বাহিনীয়ে দেশৰ প্ৰান্তে প্ৰান্তে ব্লাক ডাউন ঘোষনা কৰি দেশ শান্তিত ৰখাৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ উদ্ভণ্ডালীয়ে সচেতন ৰাইজৰ চকু কপালত তুলিছে।সোমবাৰে নিশা কামৰূপৰ গৰৈমাৰী ৰাজীৱ ভৱনত বিজয় উৎসৱ পালন কৰাৰ নামত বিধায়ক ৰেকিবুদ্দিন আহমেদে গাড়ী ভৰ্তি কৰি অনা আচজবাজী ফুটাই অবতৰীয়া দীৱালীৰ লেখীয়া পৰিবেশ সৃষ্টি কৰে।বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এনে কৰ্মকাণ্ডত গৰৈমাৰী অঞ্চলৰ সৰ্বত্ৰে ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।এই দৃশ্যলৈ মন কৰক,

সাম্প্ৰতিক পৰিস্থিতিক আওকান কৰি বিধায়ক ৰেকিবুদ্দিনৰ ভেৰোনীয়া বাহিনীয়ে বিধায়ক গৰাকীৰ উপস্থিতিত এইদৰে আতচবাজী ফুটাই আনন্দ উল্লাসত মতলীয়া হৈছে।বিজয় উৎসৱৰ নামত ভণ্ডামী কৰা বিধায়ক ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব? সেইয়া ৰাইজৰ বাবে লাখটকীয়া প্ৰশ্ন।
