
টীয়কৰ কাকজান কমাৰ খাতোৱাল গাঁৱৰ মহিলাসকলেও উদযাপন কৰিলে কাতি বিহু। জাতি-ধৰ্ম নিৰ্বিশেষে বৃহত্তৰ অসমীয়া জাতিৰ অন্যতম পৰিচয় কাতি বিহুটি উপলক্ষে সকলোটিলৈকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে টীয়কৰ কাকজান কমাৰ খাতোৱাল গাঁৱৰ মহিলাসকলে। কমাৰ খাতোৱাল গাঁৱৰ মহিলাসকলে তুলসী আৰু শস্য শ্যামলা ধাননি পথাৰত মাটি চাঁকিৰ বন্তি প্ৰজ্বলনেৰে হেঁপাহৰ সোণোৱালী শস্য চপাবলৈ আৰু সকলোৰে মঙ্গলবাৰ্তা কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ! কাতি বিহুৰ পৱিত্ৰতাই আমাৰ সমাজৰ অপশক্তিক ৰোধ কৰি শান্তি প্ৰতিষ্ঠা কৰক। আমাৰ তৰফৰ পৰাও অসমীয়া জন জীৱনৰ প্ৰাণৰ উৎসৱ কাতি বিহুৰ হিয়াভৰা ওলগ যাচিলোঁ।শস্য পথাৰৰ শ্ৰীবৃদ্ধিৰ লগতে সমাজজীৱনলৈ কঢ়িয়াই আনক সুখ- সমৃদ্ধিৰ বতৰা।