sangbad lahar logo

ৰাজ্যৰ প্ৰথমখন শৈক্ষিক ই-পত্ৰিকা প্ৰজ্ঞালিপি উন্মোচন

ডিজিটেল ডেস্ক,১৫ আগষ্ট : আজি ৰাজ্যৰ প্ৰথমখন শৈক্ষিক ই-পত্ৰিকা প্ৰজ্ঞালিপি উন্মোচন কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মৰিগাঁও জিলাত ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যৰ প্ৰথমখন শৈক্ষিক ই-পত্ৰিকা প্ৰজ্ঞালিপি উন্মোচন কৰে মন্ত্ৰী গৰাকীয়ে। উল্লেখযোগ্য যে ,সময়ৰ সৈতে খোজ মিলাই যোৱাৰ লক্ষ্যৰে লগতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ সৃজনীশীল প্ৰতিভাক বিকশিত কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া কমল জ্যোতি গগৈৰ পৰিকল্পনাত জিলা শিক্ষা বিভাগে প্ৰকাশ কৰিছে মাহেকীয়া শৈক্ষিক ই-পত্ৰিকা প্ৰজ্ঞালিপি । আনহাতে মৰিগাঁও জিলাৰ উপায়ুক্ত ৰিতুৰাজ বৰা উপদেষ্টা, মৰিগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া কমল জ্যোতি গগৈ মুখ্য সম্পাদক, জিলা আঁচনি বিষয়া লক্ষীনন্দন শইকীয়া সম্পাদনা উপদেষ্টা,ভবেশ ঠাকুৰীয়া সম্পাদক আৰু ৰাজীৱ চহৰীয়া কাৰ্যবাহী সম্পাদক হিচাপে থকা এই ই-পত্ৰিকা খনৰ সম্পাদনা সহযোগী হিচাপে খগেন বৰা,নৱজ্যোতি নাথ,মঞ্জু দত্ত,মনোৰম দেওৰজা, যুৱ জ্যোতি শৰ্মা, সৌৰভ কুমাৰ বৰা,ইনামূল হুছেইন,উদ্ধৱ বৰদলৈ, গায়ত্ৰী সভাপণ্ডিত প্ৰমুখ্যে শিক্ষকসকল আছে। স্মৰ্তব্য যে, ইউটিউবৰ লগতে www.deeodmcmorigaon.in ত উপলব্ধ হোৱা প্ৰজ্ঞালিপিৰ প্ৰস্তাৱনা সংখ্যাটিৰ মূল বিষয়বস্তু হৈছে স্বাধীনতা দিৱস।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *