sangbad lahar logo

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ ঘিলামৰা ভলিবল কচিং চেন্টাৰৰ অৱদান

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত এতিয়া গ্ৰাম্যাঞ্চলৰ বহু প্ৰতিভা খেলুৱৈ দপদপাই থকা দেখিবলৈ পোৱা গৈছে । শেহতীয়াকৈ অলিম্পিক মেডেল লাভ কৰি বিশ্ব জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীণা বৰগোহাঁই তাৰে এক জলন্ত উদাহৰণ ।

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়াই অহা তেনে এক গ্ৰাম্য ক্ৰীড়া সন্থা হৈছে ঘিলামৰা ভলিবল কচিং চেন্টাৰ । ঢকুৱাখনা মহকুমা ক্ৰীড়া সন্থাৰ অধীনৰ এই কচিং চেন্টাৰটোৰ খেলুৱৈ সকলে বিভিন্ন সময়ত বিভিন্ন জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ টুৰ্নামেন্টত অংশগ্ৰহণ কৰি পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আহিছে ।

অৱশ্যে যোৱা দুটা বছৰে কভিড ৰ বাবে খেল অনুশীলনত ব্যাঘাত জন্মিছিল যদিও পৰিস্থিতি কিছু শাম কটালৈ চাই চৰকাৰী কভিড বিধি ৰক্ষা কৰি অনুশীলন পুনৰ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে । প্ৰশিক্ষক প্ৰদীপ চমুৱাৰ তত্ত্বাবধানত খেলুৱৈ সকলে প্ৰশিক্ষণ গ্ৰহণ কৰি ইতিমধ্যে ভালেমান জিলা তথা ৰাজ্যিক পৰ্যায়ৰ টুৰ্নামেন্টত অংশগ্ৰহণ কৰি লাভ কৰিছে আশানুৰূপ সাফল্য ।

১৯৯৯ চনতে গঠন কৰা কচিং চেন্টাৰত প্ৰশিক্ষণ গ্ৰহণ কৰি খেলুৱৈ সকলে “খেলৌ ইন্দিয়া” শীৰ্ষক প্ৰতিযোগিতাৰ লগতে আন আন ভালেমান আগশাৰীৰ ভলিবল প্ৰতিযোগিতাত বিজয়ীৰ খিতাপ দখল কৰি অঞ্চলটোলৈ কঢ়িয়াই আনিছে বিজয়ৰ গৌৰৱ ।

যে চেন্টাৰটোৰ কেইবাগৰাকী খেলুৱৈয়ে ইতিমধ্যে আই, আই, টি, গুৱাহাটী আদি আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানত প্ৰশিক্ষক হিচাপেও নিযুক্তি লাভ কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *